Weather Data Source: wetter Bangalore 14 tage

May 29, 2025 5:00 am

Home » ক্ৰীড়া » Mohammed Shami | ছেমি ফাইনেলত জিলিকি উঠিল মহম্মদ ছামী

Mohammed Shami | ছেমি ফাইনেলত জিলিকি উঠিল মহম্মদ ছামী

এটায়েই নাম যাৰ নাম সকলো ক্ৰিকেট প্ৰেমী সকলৰ মাজতে চৰ্চিত। এটা দৰিদ্ৰ পৰিয়ালৰ পৰা এজন যুৱক। যাৰ নাম মহম্মদ ছামী। এইবাৰ বিশ্বকাপত উজলি উঠিছে মহম্মদ ছামী। বিশ্ব কেপত কালি নিউজিলেণ্ডৰ বিপক্ষে খেলা খেল খনত এটাৰ পাছত এটাকৈ ৭ টা উইকেট দখল কৰি ইতিহাস ৰিছিলে মহম্মদ ছামী নামৰ যুৱক জনে। 
বিশ্বকাপত ৫০টা উইকেট লোৱা প্ৰথম জন ভাৰতীয় বলাৰ মহম্মদ ছামী। বিশ্বকাপত সৰ্বাধিক উইকেট লৈ ৰেকৰ্ড কৰিলে মহম্মদ ছামীয়ে। এটা বৃহৎ ৰেকৰ্ড কৰি ভাৰতলৈ সু-নাম কঢ়িয়াই আনিলে মহম্মদ ছামীয়ে। এই বিশ্ব কাপতে ৬ খন খেলত মহম্মদ ছামীয়ে লৈছে ২৩ টাকৈ উইকেট। বিশ্বকাপত সৰ্বাধিক উইকেট লোৱা অষ্ট্ৰেলিয়াৰ মিছেল ষ্ট্ৰাকৰ ৰেকৰ্ড ভাঙিলে মহম্মদ ছামীয়ে। বিশ্ব কাপৰ ১৭ খন মেচত সৰ্বাধিক ৫০ টা উইকেট লৈ ৰেকৰ্ড গঢ়িলে মহম্মদ ছামীয়ে।
ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলি আছিল উত্তেজনাপূৰ্ণ খেল। খেলাৰ মাজতে হঠাৎ ৰূপ সলনি কৰিলে নিউজিলেণ্ড । ক্ৰমান্নয়ে ষ্টেডিয়ামত নিমাত হৈ পৰিছিল দৰ্শক । আছিল মাত্ৰ এটা অভাৰ, আৰু তাৰপাছত ছামীয়ে ড্ৰপ কৰিলে এটা উইলিয়ামচনৰ এটা কেচ্ছ । কিন্তু কেইটামান মূহুৰ্তৰ পাছতেই ছামীয়ে উভতাই দিলে খেল খন। ষ্টেডিয়ামত এটাই শব্দ, “ছামী ছামী”। এটা অভাৰতেই মহম্মদ ছামীয়ে ললে দুই টাকৈ উইকেট। আৰু লগে লগেই দেশ বাসী আনন্দত নাচি উঠিল। প্ৰতিটো প্ৰান্ততেই আনন্দৰ উল্লেখ। নিউজিলেণ্ডৰ কৱলত থকা খেল উভতাই দিলে ভাৰতে। নিউজিলেণ্ড যি দৰে খেলা আৰম্ভ কৰিছিল ভাৰতীয় সকলৰ বুকু কপি উঠিছিল যে পুনৰবাৰ ১৯ ৰ পুনৰবৃতি হব নেকি। কিন্তু এই কাম হব নিদিলে এই জন মহম্মদ ছামীয়ে। যি গৰাকী মহম্মদ ছামীক প্ৰথম অৱস্থাত ভাৰতীয় দলত বিশ্বকাপৰ মূল একাদশত স্থানেই পোৱা নাছিল। সেই গৰাকী মহম্মদ ছামীয়ে আজি খেল উভতাই দিলে নিউজিলেণ্ডৰ পৰা ভাৰতক।
আজি প্ৰতি গৰাকী ভাৰতীয়ই কৈছে ২০১৯ চনৰ মহিন্দ্ৰ সিং ধোনিৰ সেই চকু পানিৰ যেন প্ৰতিশোধ ললে মহম্মদ ছামীয়ে। কিয় নো সেই সময়ত ৰান আউট হোৱাৰ লগে লগে কান্দি উঠিছিল ধোনিৰ লগতে কোটি কোটি ভাৰতীয় । চেনী ফাইনেলত নিউজিলেণ্ডৰ বিৰূদ্ধে হাৰ মানিছিল টিম ইণ্ডিয়া। কিন্তু আজি তাৰ পুনৰাবৃত্তি হব নিদিলে মহম্মদ চামীয়ে। এটাৰ পাছত আন এটাকৈ উইকেট দখল কৰাৰ পাছত জিলিকি উঠিল মহম্মদ ছামী। মহম্মদ ছামীৰ বিশ্ব কাপৰ এই স্পেলটো হয়টো দীৰ্ঘ দিনৰ বাবে মনত থাকিব ভাৰতবাসীৰ। মহম্মদ ছামীৰ লগতে আমি ইণ্ডিয়া টিমৰ প্ৰতিগৰাকী খেলুৱৈক শুভেচ্ছা জনাইছোঁ। আৰু আমি আত্মবিশ্বাসী ভাৰতে এইবাৰ বিশ্বকাপ জয় কৰিব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

आज वही दिन है

News Alert

दिन की टिप्पणियाँ

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

राय
Are You Satisfied Sangbad Prahari
आज इतिहास में
नामजर अनुसूची
ज्योतिष
कार्टून