বিপিএফ-ইউপিপিএলক গ্ৰাস কৰাৰ ভয়ানক ব্লুপ্ৰিণ্ট বিজেপিৰ
ছৈয়দ বুলবুল জামানুৰ হক আগ্রাসী ৰাজনীতিৰে এটাৰ পিচত আন এটা আঞ্চলিক দলৰ অস্তিত্ব বিপন্ন কৰি অহা বিজেপিয়ে এইবাৰ লক্ষ্য হিচাপে লৈছে বি টি আৰক। বড়োভূমিৰ আঞ্চলিক দল ইউ পি পি এলৰ সৈতে মিত্ৰতাৰ ভিত্তিত যোৱা বিধানসভা আৰু পৰিষদীয় সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা বিজেপিয়ে এতিয়া বি টি আৰ অঞ্চলত শক্তিশালীভাৱে খোপনি পুতিবলৈ ৰচনা কৰিছে বিশেষ ব্লুপ্রিন্ট। মিত্রদল ইউ পি পি এলৰ লগতে বি পি এফক গ্ৰাস কৰি বি টি আৰ সম্পূৰ্ণৰূপে নিজৰ অধীনলৈ নিয়াৰ উদ্দেশ্যে সম্প্ৰতি বি টি আৰ অঞ্চলৰ বুথে বুথে জঁপিয়াই পৰিছে বিজেপিৰ নেতা-বিষয়ববীয়া। গেৰুৱা দলটোৰ নেতৃত্বই ইতিমধ্যে বি টি আৰত অভিযান চলাবলৈ গঠন কৰি দিছে ৬০ জনীয়া বিশেষ দল। এই দলটোৰ নেতৃত্ব প্ৰদান কৰা হৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস,