Weather Data Source: wetter Bangalore 14 tage

May 29, 2025 5:06 am

Home » क्षेत्रीय » असम » ছেবা-শিক্ষা সংসদক বিলুপ্ত কৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ গঠন | SEBA | AHSEC

ছেবা-শিক্ষা সংসদক বিলুপ্ত কৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ গঠন | SEBA | AHSEC

ৰাজ্যৰ দুই জাতীয় অনুষ্ঠান ক্রমে অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা) আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ বিলুপ্ত কৰি অসম চৰকাৰে গঠন কৰিব অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ। বৃহস্পতিবাৰে দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটৰ পিচতেই অনুষ্ঠিত এখন সংবাদমেলত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে এতিয়াৰে পৰা ছেবা আৰু শিক্ষা সংসদ নাথাকিব। দুয়োটা অনুষ্ঠানকে একত্ৰীকৰণ কৰি অসম চৰকাৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ গঠন কৰিব বিচাৰিছে।
আনহাতে অহা বছৰৰ ৫ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে এই কেবিনেটে সিদ্ধান্ত লয়। কেবিনেটে ৰাজ্যৰ দহখন জিলাত থকা মিচিং জনগোষ্ঠীৰ লোকসকলৰ জাতীয় উৎসৱ ‘আলি-আয়ে লৃগাঙত চৰকাৰী বন্ধ দিয়াৰ সিদ্ধান্ত লয়। দীৰ্ঘদিন ধৰি মিচিং জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ জাতীয় উৎসৱত চৰকাৰী বন্ধ দিয়াৰ দাবী উত্থাপন কৰি আহিছিল। সংবাদমেলত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই পুনৰ কয় যে এতিয়াৰে পৰা প্ৰতি মাহৰ এক তাৰিখৰ পৰা দহ তাৰিখৰ ভিতৰত খাদ্য সুৰক্ষা আঁচনিৰ চাউল জনসাধাৰণে সুলভ মূল্যৰ দোকানৰ পৰা লাভ কৰিব। ইয়াৰ পূৰ্বে অসম চৰকাৰে ১০ তাৰিখৰ পৰা ১৬ তাৰিখৰ ভিতৰত খাদ্য সুৰক্ষা আঁচনিৰ চাউল দিয়াৰ সিদ্ধান্ত লৈছিল। এই সিদ্ধান্ত অনুসৰি ২০ ৰ পৰা ৩০ তাৰিখৰ ভিতৰত সমবায় সমিতিসমূহে সুলভ মূল্যৰ দোকানত চাউল যোগান ধৰিব লাগিব। 
কেবিনেটে খাছি জয়ন্তীয়া উন্নয়ন পৰিষদ গঠনৰ লগতে বৰাক উপত্যকাত থকা মেইটেসকলক সুকীয়া সম্প্ৰদায়ৰ মৰ্যাদা দিয়াৰ বাবে কেন্দ্ৰলৈ প্ৰেৰণ কৰিবলগা প্ৰস্তাৱত অনুমোদন জনায়। ইয়াৰ পূৰ্বে অসমত থকা কুকি সম্প্ৰদায়ৰ অন্তৰ্গত আছিল মেইটেসকল। ৰাজ্যত বৈদ্যুতিক বাহনৰ প্ৰচলনক উৎসাহিত কৰাৰ বাবে এনে বাহনৰ পঞ্জীয়ন মাচুল ২ শতাংশ হ্ৰাস কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত লয়। এই হ্ৰাস ২০২৫ চনৰ ৩১ মাৰ্চলৈ বাহাল থাকিব। কেবিনেটে ৰাজ্যৰ পৌৰসভা আৰু পৌৰ নিকায়ত যিসকল চৰকাৰীভাৱে মনোনীত কমিছনাৰ থাকে তেওঁলোকক এতিয়াৰে পৰা আন আন নিৰ্বাচিত ৱাৰ্ড কমিছনাৰৰ দৰে পাৰিতোষিক আৰু আন আন সুবিধা প্ৰদান কৰাৰ বাবে সিদ্ধান্ত লয়। বসুন্ধৰা-২ৰ জৰিয়তে ৰাজ্যৰ ৯ জিলাৰ ৩,৫৭৬ গৰাকী খিলঞ্জীয়া, ভূমিহীন লোকক ভূমি পট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে এই কেবিনেটে।
সংবাদমেলত উপস্থিত থকা মন্ত্ৰী বিমল বৰাই কয় যে ৰাজ্যৰ তিনি বছৰ পুৰণি ১,৯০০ খন ৰাস উদ্‌যাপন সমিতিক ২৫ হেজাৰ টকাকৈ দিয়াৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

आज वही दिन है

News Alert

दिन की टिप्पणियाँ

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

राय
Are You Satisfied Sangbad Prahari
आज इतिहास में
नामजर अनुसूची
ज्योतिष
कार्टून