Weather Data Source: wetter Bangalore 14 tage

May 29, 2025 5:03 am

Home » क्षेत्रीय » असम » বিপিএফ-ইউপিপিএলক গ্ৰাস কৰাৰ ভয়ানক ব্লুপ্ৰিণ্ট বিজেপিৰ

বিপিএফ-ইউপিপিএলক গ্ৰাস কৰাৰ ভয়ানক ব্লুপ্ৰিণ্ট বিজেপিৰ

  • ছৈয়দ বুলবুল জামানুৰ হক
আগ্রাসী ৰাজনীতিৰে এটাৰ পিচত আন এটা আঞ্চলিক দলৰ অস্তিত্ব বিপন্ন কৰি অহা বিজেপিয়ে এইবাৰ লক্ষ্য হিচাপে লৈছে বি টি আৰক। বড়োভূমিৰ আঞ্চলিক দল ইউ পি পি এলৰ সৈতে মিত্ৰতাৰ ভিত্তিত যোৱা বিধানসভা আৰু পৰিষদীয় সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা বিজেপিয়ে এতিয়া বি টি আৰ অঞ্চলত শক্তিশালীভাৱে খোপনি পুতিবলৈ ৰচনা কৰিছে বিশেষ ব্লুপ্রিন্ট।
মিত্রদল ইউ পি পি এলৰ লগতে বি পি এফক গ্ৰাস কৰি বি টি আৰ সম্পূৰ্ণৰূপে নিজৰ অধীনলৈ নিয়াৰ উদ্দেশ্যে সম্প্ৰতি বি টি আৰ অঞ্চলৰ বুথে বুথে জঁপিয়াই পৰিছে বিজেপিৰ নেতা-বিষয়ববীয়া। গেৰুৱা দলটোৰ নেতৃত্বই ইতিমধ্যে বি টি আৰত অভিযান চলাবলৈ গঠন কৰি দিছে ৬০ জনীয়া বিশেষ দল। এই দলটোৰ নেতৃত্ব প্ৰদান কৰা হৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অজন্তা নেওগ, ডাঃ ৰণোজ পেগু, অশোক সিংহল, পীযূষ হাজৰিকা আৰু জয়ন্তমল্ল বৰুৱাক। তেওঁলোকৰ অধীনত বি টি আৰৰ প্ৰতিটো পৰিষদীয় সমষ্টিৰ বিপৰীতে এজনকৈ নেতা তথা বিষয়ববীয়াক নিয়োজিত কৰা হৈছে।
এই অনুসৰি, থুৰিবাৰী পৰিষদীয় সমষ্টিৰ বিপৰীতে দায়িত্ব প্ৰদান কৰা হৈছে বিতোপন ৰায়দিঙীয়াক। আনহাতে, মানস ছেফ্ৰাং সমষ্টিৰ বিপৰীতে নিয়োজিত কৰা হৈছে মনোজ বৰুৱাক। একেদৰে নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত সীমান্ত শেখৰ, ৰৌতাত অনুপ বৰ্মন, সভাইঝাৰত বিদ্যাসাগৰ বৰা, মুছলপুৰত অপৰাজিতা ভূঞা, দেবৰগাঁৱত কল্যাণ গগৈ, জমদুৱাৰত পংকজ বৰবৰা, গয়বাৰীত ড° প্রকাশ কাশ্যপ, বনৰগাঁৱত পরন বেদীয়া, ধনশ্ৰীত খলিলুৰ ৰহমান, কাজলগাঁৱত নৱাৰুণ মেধি, গুমাত সুভাষ দত্ত, ছালাকাটিত নৱদীপ কলিতা, গোৰেশ্বৰত হিমাংশু শেখৰ বৈশ্য, খালিংদুৱাৰত দিলীপ দাস, ভৈৰৱকুণ্ডত হিৰণ্য ভূঞা, দতমাত ড° ৰঞ্জন গগৈ, দৰঙাজুলিত অৰুণজ্যোতি মৰাণ, বাগানপাৰাত নাৰায়ণ ডেকা, ভেৰগাঁৱত জুৰি শৰ্মা বৰদলৈ, দৈবাৰীত জানকী খাউণ্ড, ননৈ ছেৰফাঙত ৰত্না সিং, দিহিৰাত মেঘনা হাজৰিকা, শালবাৰীত আকাশ ফুকন, হৰিশিঙাত প্ৰণৱজ্যোতি লহকৰ, বাওখুঙৰীত জীৱেশ ৰয়, ফকিৰাগ্ৰামত বিভূতিভূষণ বৰঠাকুৰ, চৰাইবিলত বনদীপ ডেকা, চিৰাংদুৱাৰত আশিস ভৰালী, ককলাবাৰীত মহেশ দেউৰী, চিৰাঙত দীপক নাথ, কচুগাঁৱত ড° মিলন দাস, খৈৰাবাৰীত ৰাতুল শৰ্মা, শুক্লাই ছেৰফাঙত ঋষিৰাজ হাজৰিকা, মথনগুৰিত জয়ন্ত ডেকা, পৰ্বতঝৰাত মুকুতা ডেকা, পানচৈ ছেৰফাঙত গুৰুজ্যোতি দাস, শ্ৰীৰামপুৰত অশোক সিংহী, নিচিমাত কিশোৰ উপাধ্যায়ক দায়িত্ব অর্পণ কৰা হৈছে।
দায়িত্বপ্রাপ্ত এই নেতা- বিষয়ববীয়াসকলে বি টি আৰৰ পৰিষদীয় সমষ্টিসমূহৰ অন্তৰ্গত বুথ সমিতিসমূহৰ সৈতে সম্পৰ্ক স্থাপন কৰি বুথ সমিতিসমূহ সক্ৰিয় কৰি তুলিব। সক্ৰিয় কৰাৰ সমান্তৰালকৈ বুথ সমিতিসমূহৰ জৰিয়তে ভোটাৰৰ ঘৰে ঘৰে গৈ সকলোকে বিজেপিমুখী কৰিবলৈ তেওঁলোকে অভিযান চলাব। তেওঁলোকে প্রয়োজন সাপেক্ষে সংশ্লিষ্ট জিলা সমিতিৰ পৰামৰ্শ লৈ অভিযান তীব্ৰতৰ কৰিব। দায়িত্বপ্রাপ্ত এই নেতা তথা বিষয়ববীয়াসকলে সম্প্ৰতি বি টি আৰ অঞ্চলত বাহৰ পাতি সাংগঠনিক শক্তি বৃদ্ধি অভিযানৰ পাতনি মেলিছে। তেওঁলোকক লৈ মুখ্যমন্ত্ৰীয়ে হোৱাটছএপ গ্রুপ খুলি নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি চলিছে।
মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ পৰা দৈনন্দিন লৈছে কাম-কাজৰ খতিয়ান। বিজেপিৰ এটা শীৰ্ষ সূত্ৰই জনোৱামতে, বি টি আৰ অঞ্চলত সাংগঠনিক ভেটি মজবুত কৰি গেৰুৱা দলটো শক্তিশালী হ’ব বিচাৰিছে যাতে আগত সময়ত ইউ পি পি এল আৰু বি পি এফৰ সহায় নোহোৱাকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। ইপিনে, গেৰুৱা দলটোৰ এনে আগ্রাসী ভূমিকা তথা কর্মকাণ্ডক লৈ শংকিত হৈ পৰিছে বিজেপিৰ মিত্রদল ইউ পি পি এল। কিয়নো বিজেপিয়ে এফালে বি টি আৰ অঞ্চলত শক্তিশালীভাৱে খোপনি পুতিবলৈ অভিযান আৰম্ভ কৰিছে আৰু আনফালে অতি কৌশলগতভাৱে ইউ পি পি এলৰ প্ৰতিদ্বন্দ্বী হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ সৈতেও মধুৰ সম্পৰ্ক ৰক্ষা কৰি চলিছে।
মন কৰিবলগীয়া যে আগ্রাসী ৰাজনীতিৰে দেশৰ বিভিন্ন প্ৰান্তত বিজেপিয়ে আঞ্চলিক দলৰ অস্তিত্ব বিপন্ন কৰাটো নতুন কথা নহয়। প্রথমে আঞ্চলিক দলৰ সৈতে মিত্রতা স্থাপন আৰু পিচত মিত্ৰ আঞ্চলিক দলটোক গ্ৰাস কৰি বিজেপিয়ে নিজে প্ৰভুত্ব বিস্তাৰ কৰাৰ বিষয়টো প্রবলভাৱে চৰ্চিত হৈ আহিছে। অসমতো অগপৰ সৈতে মিত্ৰতা কৰি এতিয়া আঞ্চলিক দলটোৰ ভেটিত নিজৰ সংগঠনৰ বিস্তাৰ কৰিছে বিজেপিয়ে। বিজেপিৰ সহায় লৈহে নিজৰ অস্তিত্ব কোনোমতে ৰক্ষা কৰিবলগীয়া হৈছে অগপই। অগপৰ বোকোচাত উঠি ৰাজ্যৰ ৰাজনীতিত খোপনি পোতা বিজেপি পৰৱৰ্তী সময়ত আঞ্চলিক দলটোৰ বাবে হৈ পৰে চৰম প্ৰত্যাহ্বান। অগপৰ ভোটাৰ তথা সমৰ্থকসকলক নিজৰ পক্ষলৈ আনি বিজেপি এতিয়া হৈ পৰিছে সৰ্বময়কর্তা।
বিষয়টো ৰাজ্যৰ ৰাজনীতিত চৰ্চিত হৈ অহাৰ সময়তে সম্প্রতি ইউ পি পি এল আৰু বি পি এফৰ বাবে অশনি সংকেত কঢ়িয়াই বিজেপিয়ে বি টি আৰ অঞ্চলত চলোৱা এনে আগ্রাসী অভিযান বিশেষভাৱে লক্ষণীয় হৈ পৰিছে। অৱশ্যে বি টি আৰ দখলৰ বাবে বিজেপিয়ে এনে আগ্রাসী ৰাজনীতি চলালেও বড়োভূমিৰ কেইবাজনো বিজেপি নেতা-কর্মীয়ে শেহতীয়াকৈ বি পি এফত যোগদান কৰিছে। গেৰুৱা দল ত্যাগ কৰি যোৱা ১৪ নৱেম্বৰত কেইবাজনো সতীর্থসহ বি পি এফত যোগদান কৰে কোকৰাঝাৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজকুমাৰ ব্ৰহ্মই। ইয়াৰ পূৰ্বেও বি টি আৰ অঞ্চলত বিজেপিৰ কেইবাগৰাকী নেতা-কর্মীয়ে গেৰুৱা দল ত্যাগ কৰি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন দলটোৰ সদস্যপদ গ্রহণ কৰিছিল। এনে প্ৰেক্ষাপটত বি টি আৰত আধিপত্য বিস্তাৰৰ বাবে বিজেপিয়ে চলোৱা অভিযান সফল হয় নে নহয় সেয়া হ’ব লক্ষণীয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

आज वही दिन है

News Alert

दिन की टिप्पणियाँ

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

राय
Are You Satisfied Sangbad Prahari
आज इतिहास में
नामजर अनुसूची
ज्योतिष
कार्टून