Weather Data Source: wetter Bangalore 14 tage

May 29, 2025 5:07 am

Home » अन्य » अर्थशास्त्र » व्यापार » আই পি এল : বৰ্ষাপাৰা ষ্টেডিয়ামত এয়াৰটেলৰ নেটৱৰ্ক শ্ৰীবৃদ্ধি | IPL | Airtel Network

আই পি এল : বৰ্ষাপাৰা ষ্টেডিয়ামত এয়াৰটেলৰ নেটৱৰ্ক শ্ৰীবৃদ্ধি | IPL | Airtel Network

গুৱাহাটী, ২২ মাৰ্চ, ২০২৫: চলিত ২০২৫ বৰ্ষৰ মাৰ্চ মাহৰ ২২ তাৰিখৰ পৰা হ’বলগীয়া সমাগত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) খেলৰ প্ৰস্তুতিৰ বাবে ভাৰতী এয়াৰটেলে বৰ্ষাপাৰা ষ্টেডিয়ামত ব্যাপক ব্যবস্থা গ্রহণ কৰিছে।এই ব্যবস্থাই খেলৰ সময়ত প্ৰায় ১০০,০০০ ক্রিকেট অনুৰাগীৰ প্ৰত্যাশিত ভিৰ হ’লেও এক নিৰৱচ্ছিন্ন নেটৱৰ্ক অব্যাহত থকাটো সুনিশ্চিত কৰিব।

এয়াৰটেলে প্ৰয়োজনীয় সকলোবোৰ চেল চাইটৰ শ্ৰীবৃদ্ধি কৰিছে আৰু ষ্টেডিয়ামৰ সমীপত এটা অতিৰিক্ত টাৱাৰ তথা নাতিদূৰৈত এটা চেল অন হুইল্স (COW) স্হাপন কৰিছে।এই বৰ্ধিতকৰণে খেলসমূহত উপস্থিত থকা এয়াৰটেলৰ গ্রাহকৰ বাবে ভইচ আৰু ডাটা সংযোগ বহু বেছিকৈ উন্নত কৰিব।নেটৱৰ্ক শ্ৰীবৃদ্ধিকৰণৰ জৰিয়তে কৌশলগতভাবে প্ৰত্যাশিত অধিক সংখ্যক দৰ্শকক স্হান দিয়াৰ পৰিকল্পনা কৰা হৈছে।
এই বিশেষ তৎপৰতাৰ বিষয়ত ভাৰতী এয়াৰটেলৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্য্যবাহী বিষয়া ৰবিশঙ্কৰ মিশ্রই কয়, “সমাগত আই পি এল টুৰ্ণামেন্টৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়ামত নেটৱৰ্ক আন্ত:গাঁথনি অধিক শক্তিশালী কৰি তুলিছো।এই পদক্ষেপে সুনিশ্চিত কৰিব যে আমাৰ গ্রাহকসকল অহৰ্নিশে সংযুক্ত হৈ থাকিব, বিশেষভাবে আনন্দদায়ক লাইভ-একচনৰ অংশৰূপে থকাৰ সময়ছোৱাতো প্ৰিয়জনৰ সৈতে তেওঁলোকৰ উদ্দীপনা ভাগ-বতৰা কৰিবলৈ সক্ষম হ’ব”।
সমগ্র গুৱাহাটী মহানগৰীখনতে এক অহৰ্নিশে আৰু সৰ্বব্যাপি নেটৱৰ্কৰ সুব্যবস্থিত অভিজ্ঞতা অব্যাহত ৰাখিবলৈ বিমানবন্দৰ, ৰেলষ্টেচন, মা কামাখ্যা মন্দিৰ,অসম ৰাজ্যিক চিৰিয়াখানা,বোটানিকেল গাৰ্ডেন, নবগ্ৰহ মন্দিৰ আৰু গুৱাহাটী প্লেনেটেৰীয়ামকে প্ৰমুখ্যে কৰি মুখ্য স্থানসমূহতো ব্যাপক নেটৱৰ্ক অপ্টিমাইজেচন কৰা হৈছে। মহানগৰীৰ আশে পাশে থকা সাতখন প্ৰিমিয়াৰ হোটেলৰ কভাৰেজ বৃদ্ধিৰ বাবেও ব্যাপক নেটৱৰ্ক মূল্যায়ন কৰা হৈছে।
এয়াৰটেলে বিশেষভাবে আই পি এলৰ বাবে এই সুব্যবস্থা গ্রহণ কৰিছে আৰু ২০২৫ বৰ্ষৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হৈ মে মাহলৈকে হ’বলগীয়া ক্রিকেট জ্বৰৰ পৰা ৰক্ষা কৰিবলৈ দেশৰ সকলো ষ্টেডিয়ামতে এই নেটৱৰ্ক ব্যবস্থাৰ শ্রীবৃদ্ধিকৰণ কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

आज वही दिन है

News Alert

दिन की टिप्पणियाँ

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

राय
Are You Satisfied Sangbad Prahari
आज इतिहास में
नामजर अनुसूची
ज्योतिष
कार्टून