Weather Data Source: wetter Bangalore 14 tage

May 29, 2025 5:04 am

Home » क्षेत्रीय » असम » গুৱাহাটী মহানগৰীত ৰমজান উপলক্ষে খাদ্য বিতৰণ | Rain Drops | Helping Centre, Assam

গুৱাহাটী মহানগৰীত ৰমজান উপলক্ষে খাদ্য বিতৰণ | Rain Drops | Helping Centre, Assam

 

এক ব্যতিক্ৰমী চিন্তাৰে কংক্ৰীটৰ মহানগৰী গুৱাহাটীৰ যুৱ সমাজকৰ্মী আবিদ আজাদৰ নেতৃত্বত আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সহযোগত চলি আছে এক মানৱীয় কাৰ্যসূচী । অসমৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ‘ৰেইনড্ৰপছ ইনিচিয়েটিভ’ৰ উদ্যোগত পৱিত্ৰ ৰমজান মাহ উপলক্ষে ৰোগীৰ সৈতে থকা নিকটাত্মীয়ক ইফতাৰ আৰু চেহেৰী যোগান ধাৰাবাহিক ভাৱে চলি আছে ।
অনুষ্ঠানটোৱে ইতিমধ্যে ক’ভিদ কালৰ জটিল সন্ধিক্ষণৰ পৰা বৰ্তমানলৈকে মানুহৰ মাজত আঢ়ৈ লাখৰো অধিক প্লেট খাদ্য যোগান ধৰিছে । ‘ৰেইনড্ৰপছ ইনিচিয়েটিভ’ নামৰ সংস্থাটোৱে ক’ভিদৰ পৰা আৰম্ভ কৰি ৰঙালী বিহুৰ লগতে অন্যান্য বিহু, পূজা-পাৰ্বন, ৰমাজান মাহ আৰু অন্যান্য দিনতো জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে খাদ্য বিতৰণ কৰি অহাৰ লগতে গোটেই অসমত বৃক্ষ ৰোপণ আৰু প্ৰতিপালন কাৰ্যসূচী চলাই গৈ আছে ।
উক্ত কাৰ্যসূচীত কালি বৰপেটা জিলাৰ দত্তকুছিৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ‘হেল্পিং চেন্টাৰ, অসম’ৰ তৰফৰ পৰা ইয়াৰ কৰ্মকৰ্তা সকলে সহযোগিতা আগবঢ়োৱাৰ লগতে ইফতাৰ আৰু চেহেৰী বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হৈ থকা খাদ্য বিতৰণ কাৰ্যসূচীত হেল্পিং চেন্টাৰ অসমৰ সভাপতি তথা বিশিষ্ট নাট্যকাৰ খাইৰুল ইছলাম, সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী আব্বাছ আলী (জাহিৰ), উপদেষ্টা মনিৰুজ জামান, সদস্য খলিলুৰ ৰহমানৰ সৈতে শুভাকাংশী সদস্য ৰেহেনা পাৰবিন (গুণমনি)ৰ লগতে অন্যান্য সদস্যসকলো উপস্থিত থাকি নিজ হাতে খাদ্য বিতৰণ কৰে । কালি খাদ্য বিতৰণ কৰা কাৰ্যসূচীত গুৱাহাটীৰ বিশিষ্ট যুৱ সাংবাদিক এঞ্জেলা চাংমাইও উপস্থিত থাকি অনুষ্ঠানখন সূচাৰুৰূপে প্ৰচাৰ কৰে ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

आज वही दिन है

News Alert

दिन की टिप्पणियाँ

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

राय
Are You Satisfied Sangbad Prahari
आज इतिहास में
नामजर अनुसूची
ज्योतिष
कार्टून