Weather Data Source: wetter Bangalore 14 tage

May 29, 2025 6:11 am

देश और विदेश
Sangbad Prahari

১৫ হাজাৰ টকা দিলেই লাভ কৰিব আনৰ স্ত্ৰী : ভাৰতৰ এখন গাঁৱত এতিয়াও নিলাম কৰা হয় মহিলা

  ৱেব সংবাদ : ভাড়াত এগৰাকী পত্নী পোৱা যায়! কোনোবাই আহি আপোনাক এই কথা ক’লে আপুনি বিশ্বাস কৰিবনে? আচৰিত যেন লাগিব পাৰে, কিন্তু সঁচা। ডুবাই বা বেংকক নহয়, কিন্তু ভাৰতৰ এখন গাঁও আছে য’ত কেইদিনমান, কেইমাহমান, বা এবছৰৰ বাবে পত্নী ভাড়াত ল’ব পাৰি। এবছৰৰ পিছত যদি আন এগৰাকী পত্নী বিচাৰে তেন্তে আকৌ বিড দিব লাগিব। চুক্তি শেষ হৈ মহিলাগৰাকীক পত্নী হিচাপে ৰাখিব বিচাৰিলেও চুক্তি নবীকৰণ কৰিব লাগিব। ভাৰতৰ ক’ত এনেকুৱা অদ্ভুত প্ৰথা আছে জানেনে? সমাজখন যিমানেই আগনাবাঢ়ক কিয়, এই একবিংশ শতিকাতো কিছুমান অদ্ভুত প্ৰাচীন ৰীতি-নীতি নোহোৱা হোৱা নাই। তেনে এক প্ৰথা অনুসৰি ভাৰতৰ এখন গাঁৱত এতিয়াও মহিলাৰ নিলাম কৰা হয়। এবছৰৰ পাছত যদি সেই মহিলাগৰাকীৰ সৈতে পুনৰ চুক্তিবদ্ধ হ’ব বিচাৰে

Read More »
Sangbad Prahari

Ratan Tata | আপুনি জানেনে? বহুতে নজনা প্ৰয়াত ৰতন টাটাৰ এই ১০ টা কথা…

চাজিদা ইয়াছমিন (চাহিন) আপুনি জানেনে?, ১৬৫ বিলিয়ন ডলাৰৰ টাটা সাম্ৰাজ্যৰ মূৰব্বী ৰতন টাটাৰ দৰমহা কিমান আছিল? আপুনি জানেনে, জেআৰডিৰ পুত্ৰ নোহোৱা সত্ত্বেও কেনেকৈ টাটা গ্ৰুপৰ স্বত্বাধিকাৰী হ’ল ৰতন টাটা? আপুনি জানেনে, ৰতন টাটাই অতি কম মূল্যৰ চাৰিচকীয়া বাহন টাটা নেনো কিয় মুকলি কৰিছিল? আপুনি জানানে, তন টাটাই বলিউডৰ কোনখন চিনেমা প্ৰযোজনা কৰিছিল কৰিছিল আৰু চিনেমাখনৰ অভিনেতা কোন? আপুনি জানেনে, টাটাৰ প্ৰিয় বন্ধুজনৰ বয়স কিমান আৰু তেও কি কৰে? আপুনি জানেনে, কোনগৰাকী বলিউড অভিনেত্ৰীৰ সৈতে ৰতন টাটাৰ আছিল ভাল সম্পৰ্ক? সেইগৰাকী অভিনেত্ৰীয়ে টাটাৰ বিয়োগৰ পিছত মাত্ৰ তিনিটা বাক্যত কি লিখিলে? আপুনি জানেনে, ৰতন টাটাৰ শেষৰটো পোষ্ট কি আছিল? কি লিখিছিল অন্তিমটো পোষ্টত? হয় প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ বিষয়ে বহুতেই নাজানে তেখেতৰ

Read More »
Sangbad Prahari

Ratan Tata | ৰতন টাটাক কেনেদৰে পাহৰিব অসমবাসীয়ে

  দুৰ্গাপূজাৰ আনন্দ-উলাহৰ মাজতে সপ্তমীৰ শুভ প্ৰভাতত বিষাদে আৱৰি গৈছে সমগ্ৰ দেশ। কিয়নো দেশৰ ঔদ্যোগিক খণ্ডৰ এক বিশিষ্ট স্তম্ভ, আৰ্থ-সামাজিক ক্ষেত্ৰৰ এগৰাকী কৰ্ণধাৰ আৰু আধুনিক ভাৰতৰ অন্যতম প্ৰাণ প্ৰতিষ্ঠাতা ৰতন টাটাই এই ধৰাৰ মায়া এৰি চিৰবিদায় মাগিছে। মৃত্যুৰ শীতল কোলাত এতিয়া চিৰনিদ্ৰাত মগ্ন বিখ্যাত উদ্যোগপতি ৰতন টাটা । ৮৬ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । নিশ্চিতভাৱে ৰতন টাটাৰ মৃত্যু দেশৰ বাবে এক অপূৰণীয় ক্ষতি । দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা ৰতন টাটা মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। তেওঁৰ বয়সজনিত বহু ৰোগৰ সমস্যাই দেখা দিছিল। টাটা গ্ৰুপক আকাশ স্পৰ্শৰ দিশে লৈ যোৱা ৰতন টাটাই ভাৰতীয় ঔদ্যোগিক খণ্ডকো এক নতুন উচ্চতা প্ৰদান কৰি গৈছে । যাৰ বাবে তেওঁক

Read More »
Sangbad Prahari

হাৰিয়ানা বিধানসভা নিৰ্বাচনত অসমীয়াৰ অসমীয়াগিৰি | Hariyana Election |

  হাৰিয়ানাত বিধানসভা নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব বিজয়। আৰু এই বিজয়ৰ আঁৰত আছে এজন অসমীয়া নেতাৰ। অসমত বিজেপিৰ উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা সেই নেতাগৰাকী হ’ল ফণীন্দ্ৰ নাথ শৰ্মা। ফণীন্দ্ৰ নাথ শৰ্মাৰ হাত ধৰিয়ে হাৰিয়ানাৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিলে ডাঙৰ সফলতা। বহু বছৰ ধৰি অসম বিজেপিৰ সাংগঠনিক সম্পাদক পদত অধিষ্ঠিত হৈ থকা ফণীন্দ্ৰ নাথ শৰ্মাক হাৰিয়ানালৈ পঠিওৱা হৈছিল। তাৰ পিছৰে পৰা হাৰিয়ানাত আৰম্ভ হৈছিল সংগঠনৰ ভেটি পুনৰ উদ্ধাৰৰ কাম। লোকসভা নিৰ্বাচনত বিশেষ সফলতা লাভ কৰিব পৰা নাছিল বিজেপিেয়। তাৰ পিছৰে পৰাই দল আৰু চৰকাৰে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিছিল। সেই দলৰ গুৰি ধৰিছিল ফণীন্দ্ৰ নাথ শৰ্মাই। লোকসভা নিৰ্বাচনত আপেক্ষিকভাৱে বেয়া ফলাফলৰ পিছত হাৰিয়ানাত কঠোৰ পৰিশ্ৰম আৰম্ভ কৰে RSS-এ। বিজেপিৰ উত্থানৰ আঁৰত থকা

Read More »
Sangbad Prahari

BJP | প্ৰাৰ্থী বিচাৰি হাহাকাৰ- মুৰে কপালে হাত দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

  হাৰিয়ানা আৰু কাশ্মীৰত নিৰ্বাচনৰ দিন ঘোষণা হল যদিওঁ এতিয়াও ঘোষণা হোৱা নাই মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ নিৰ্বাচনৰ দিন। কিন্তু হাৰিয়ানা আৰু কাশ্মীৰত দলটো পৰিছে ভয়ংকৰ সংকটত। হাৰিয়ানাত বিজেপি দলটোৱে প্রথম পৰ্যায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ বাবেই দল এৰিছে পুৰণি নেতাই। হাৰিয়ানাটো বাদেই, নিৰ্বাচনৰ দিন ঘোষণা নোহোৱা ঝাৰখণ্ডটো বিজেপিৰ অৱস্থা একেবাৰেই বেয়া। ৰাজ্যখনত নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিওঁ অসমৰ মুখ্যমন্ত্ৰী হিমান্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ৰাজ্যখনত পূৰ্ণদ্যমত চলি আছে অপাৰেশ্যন লটাচ। দলত বিভাজন ঘটোৱা আৰু অপাৰেশ্যন লটাচৰ জৰিয়তে নেতাক বিজেপিলৈ অনাৰ সদায় আগৰণুৱা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমান্ত বিশ্বা শৰ্মাই ঝাৰখণ্ডটো বিভিন্ন কুট কৌশল প্রয়োগ কৰি ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনক বিজেপিলৈ অনাত সফল হল সঁচা, কিন্তু তেঁওৰ লগত নাহিল

Read More »

Rahul Gandhi : ৰায়বৰেলী সমষ্টি নিজৰ হাতত ৰাখিব ৰাহুল গান্ধীয়ে, ৱাইনাডৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব প্ৰিয়ংকা

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এৰি দিব কেৰালাৰ ৱাইনাড লোকসভা সমষ্টি। সংসদৰ নিম্ন সদনত উত্তৰ প্ৰদেশৰ ৰায়বৰেলীক প্ৰতিনিধিত্ব কৰিব। ৰাহুল গান্ধীয়ে এৰি দিয়াৰ পিছত খালী হোৱা ৱাইনাড লোকসভা আসনৰ পৰা উপ-নিৰ্বাচনত অৱতীৰ্ণ হ’ব প্ৰিয়ংকা গান্ধী। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই সোমবাৰে এই তথ্য সদৰি কৰে। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাৰ অন্তত খৰ্গেই সংবাদ মাধ্যমক এই কথা কয়। কংগ্ৰেছ সভাপতিগৰাকীয়ে ক, ‘‘ৰাহুল গান্ধীয়ে দুটা লোকসভা সমষ্টিত জয়লাভ কৰিছিল, কিন্তু নিয়ম অনুসৰি তেওঁ এটা সমষ্টি এৰি দিব লাগিব। ৰাহুল গান্ধীয়ে ৰায়বৰেলী আসনখন নিজৰ হাতত ৰাখিব আৰু আমি সিদ্ধান্ত লৈছো যে প্ৰিয়ংকা গান্ধীয়ে ৱাইনাডৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব।’’ আলোচনাত উপস্থিত আছিল কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু দলৰ সাধাৰণ সম্পাদক কে চি

Read More »

দেশৰ সৰ্বাধিক দৰমহা পোৱা ৫ গৰাকী সাংবাদিক | Top 5 Journalist of Highest Salary

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। অতি প্ৰত্যাহ্বানমূলক এই যাত্ৰাটোৰ সৈতে সংপিক্ত হৈ কাম কৰি থকা সকলোৰে বাবে আজিৰ এই দিনটো বিশেষ। আজিৰ দিনটোত হয়তো আলোচনা হব সাংবাদিক আৰু সংবাদসেৱাৰ সৈতে জড়িত ব্যক্তিসকলৰ অসুবিধা আৰু তেওলোকে কাম কৰাৰ সীমাৱদ্ধতাৰ বিষয়ে। কিন্তু আজিৰ এই দিনটোতে জানি থও আহকচোন দেশৰ সৰ্বাধিক দৰমহা পোৱা কেইগৰাকীমান সাংবাদিকৰ বিষয়ে। ১. মাহিলী নাইবা বাৰ্ষিক সৰ্বাধিক দৰমহা পোৱা বা ধন উপাৰ্জন কৰা তালিকাখনৰ একেবাৰে শীৰ্ষত আছে এগৰাকী অসমীয়া। তেও হৈছে অৰ্ণৱ গোস্বামী। Republic TVৰ প্ৰতিষ্ঠাপক তথা সম্পাদক অৰ্ণৱ গোস্বামীৰ ব্যক্তিগত বাৰ্ষিক উপাৰ্জন ১২ কোটি। অৰ্থাত এমাহত ১কোটি। ২. তালিকাৰ দ্বিতীয়ত আছে এগৰাকী মহিলা সাংবাদিক। তেও হৈছে অঞ্জনা ওম কাশ্যপ। বাৰ্ষিক ৭কোটি টকাৰ দৰমহা লয় এই আগশাৰীৰ মহিলা সংবাদিকগৰাকীয়ে। ৩.

Read More »

কিয় এই মহিলাগৰাকীক লৈ গ’ল মোদীয়ে বিদেশ ভ্ৰমণলৈ!

এগৰাকী মহিলা ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিদেশ ভ্ৰমণলৈ গলেই এগৰাকী বিশেষ মহিলাক লগল লৈ যায় ৷ পিছে কোন এইগৰাকী মহিলা আৰু কিয় এই মহিলাগৰাকীক মোদীয়ে লৈ যায় বিদেশ ভ্ৰমণলৰ সময়ত ৷ সবিশেষ আগবঢ়াইছো আজিৰ এই প্ৰতিবেদনত…… দেখা গৈছে যে মোডীৰ সকলো বিদেশ ভ্ৰমণত এগৰাকী মহিলাই সংগ দিয়ে। বিশেষকৈ তেওঁৰ গুৰুত্বপূৰ্ণ সভাবোৰত এই মহিলাগৰাকী সদায় উপস্থিত থাকে। কিন্তু তেওঁ কোন? মোডীৰ বিদেশ ভ্ৰমণত তেওঁৰ উপস্থিতি কিয় ইমান অপৰিহাৰ্য? এই গৰাকী মহিলাৰ নাম গুৰদ্বীপ কৌৰ চাওলা। জন্মসূত্ৰে ভাৰতীয় যদিও বৰ্তমান আমেৰিকাত বাস কৰে। এই মহিলা এগৰাকী সফল দ্বিভাষী। কিন্তু এইটোৱেই তেওঁৰ একমাত্ৰ পৰিচয় নহয়। দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা ইংৰাজী সাহিত্যত বি এ আৰু এম এ ডিগ্ৰী লাভ কৰাৰ পিছত ৰাজনীতি বিজ্ঞানত

Read More »

RBI on 2000 Rupee note | ৰিজাৰ্ভ বেংকৰ ঘোষণা- বন্ধ হব ২০০০ টকীয়া নোট

মোদী চৰকাৰৰ দ্বিতীয়টো ‘বিমুদ্ৰাকৰণ’! আপোনাৰ হাতত আছে নেকি ২০০০ টকীয়া নোট? যদি আছে, ৩০ ছেপ্টেম্বৰৰ ভিতৰত বেংকত সলনি কৰক ২০০০ টকীয়া নোট, অন্যথা অথলে যাব আপোনাৰ ২০০০ টকীয়া নোট। প্ৰথমটো বিমুদ্ৰাকৰণ যে এক ভুল প্ৰক্ৰিয়া আছিল তাৰেই যেন পুনৰ প্ৰমাণ কৰিলে ৰিজাৰ্ভ বেংকৰ শেহতীয়া এক ঘোষণাই। কিয়নো পুনৰ দ্বিতীয়টো ‘বিমুদ্ৰাকৰণৰ বাবে সাজু হ’বৰ হ’ল! হয়, ২০১৬ চনৰ ৮ নৱেম্বৰৰ নিশা ৮ বজাত দেশবাসীক আচৰিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমুদ্ৰাকৰণৰ কথা সদম্ভে ঘোষণা কৰিছিল। ক’লা ধন নাইকিয়া কৰা, সন্ত্ৰাসবাদীলৈ ধনৰ যোগান বন্ধ কৰা আদি নানান প্ৰতিশ্ৰুতিৰে প্ৰধানমন্ত্ৰী মোদীয়ে বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰিছিল। বিমুদ্ৰাকৰণ ঘোষণাৰ পিছতে দেশত বিত্তীয় বিশৃংখলতাৰ সৃষ্টি হৈছিল, চহৰ- মহানগৰ-গাঁৱত টকা উলিয়াবলৈ এটিএমৰ সন্মুখত মানুহৰ দীঘলীয়া শাৰী হৈছিল। সকলোৱে

Read More »

Kashmir Files – পুনল এবাৰ চৰ্চালৈ আহিছে পুলৱামাৰ কাশ্মীৰ ফাইল

পুনল এবাৰ চৰ্চালৈ আহিছে পুলৱামাৰ কাশ্মীৰ ফাইল। কিন্তু এইবাৰৰ কাশ্মীৰ ফাইল খুলিছে কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে। সত্যপাল মালিকৰ সত্য ফাইলে জোকাৰি গৈছে ৰাজনৈতিক মহলৰ লগতে দেশৰ সচেতন মহলকো। ৰাজনীতিত বহু কথা সাঁথৰ হৈ ৰৈ যায়। সাধাৰণ মানুহে যিবোৰ কথা জনাৰ কোনো সুযোগেই নাথাকে। কেতিয়াবা হে তেনে গোপন অধ্যায় উন্মোচিত হয়। ৰাজনীতিৰ খবৰ ৰখাসকলে সেই কথা জানে। এতিয়া আহোঁ মূল বিষয়লৈ। সেয়া আছিল ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীৰ কথা। সময় আবেলি পৰত পুলৱামা জিলাৰ লেথাপাৰাত সন্ত্ৰাসবাদীয়ে আত্মঘাতী আক্ৰমণ চলাইছিল চি আৰ পি এফৰ এটা বৃহৎ কনভয়ৰ ওপৰত। ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৭৮ খন গাড়ীৰে প্ৰায় ২৫০০ জন চি আৰ পি এফ জোৱান জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখে গৈ আছিল ৭৬ নং বেটেলিয়েনৰ

Read More »