Kashmir Files – পুনল এবাৰ চৰ্চালৈ আহিছে পুলৱামাৰ কাশ্মীৰ ফাইল
পুনল এবাৰ চৰ্চালৈ আহিছে পুলৱামাৰ কাশ্মীৰ ফাইল। কিন্তু এইবাৰৰ কাশ্মীৰ ফাইল খুলিছে কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে। সত্যপাল মালিকৰ সত্য ফাইলে জোকাৰি গৈছে ৰাজনৈতিক মহলৰ লগতে দেশৰ সচেতন মহলকো। ৰাজনীতিত বহু কথা সাঁথৰ হৈ ৰৈ যায়। সাধাৰণ মানুহে যিবোৰ কথা জনাৰ কোনো সুযোগেই নাথাকে। কেতিয়াবা হে তেনে গোপন অধ্যায় উন্মোচিত হয়। ৰাজনীতিৰ খবৰ ৰখাসকলে সেই কথা জানে। এতিয়া আহোঁ মূল বিষয়লৈ। সেয়া আছিল ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীৰ কথা। সময় আবেলি পৰত পুলৱামা জিলাৰ লেথাপাৰাত সন্ত্ৰাসবাদীয়ে আত্মঘাতী আক্ৰমণ চলাইছিল চি আৰ পি এফৰ এটা বৃহৎ কনভয়ৰ ওপৰত। ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৭৮ খন গাড়ীৰে প্ৰায় ২৫০০ জন চি আৰ পি এফ জোৱান জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখে গৈ আছিল ৭৬ নং বেটেলিয়েনৰ