Karbi Students Union: কাৰ্বি ছাত্ৰ সন্থা ডিফু জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন
গুটখা প্ৰচলনৰ বিৰুদ্ধে ছাত্ৰ সংগঠনটোৱে কঠোৰ স্থিতি কাৰ্বি ছাত্ৰ সন্থাৰ ডিফু জিলা সমিতিৰ দ্বিতীয়-বাৰ্ষিক অধিবেশনখনি ১০ মে তাৰিখে দিনজোৰা কাৰ্যসূচীৰে ডিফু ক্লাবত অনুষ্ঠিত হৈ যায়। পুৱা সন্থাৰ ডিফু জিলা সমিতিৰ বিষ্ণুৰাম ফাংছ’বে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে মুকলি সভা অনুষ্ঠিত হয়। সভাপতি বিষ্ণুৰাম ফাংছ’ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত চিচিইউৰ আহ্বায়ক ৰবীন্দ্ৰ ৰংপি, ‘জকাছ’ৰ সভাপতি খৰছিং টেৰণ আৰু এএছডিচিৰ সাধাৰণ সম্পাদক জৎছন বে’ অতিথি হিচাপে উপস্থিত থাকি জিলাখনৰ ভৱিষ্যত উন্নয়নৰ ক্ষেত্ৰত ছাত্ৰ সমাজৰ ভুমিকা সন্দৰ্ভত মন্তব্য আগবঢ়ায়। উক্ত সভাতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বিশেষকৈ ডিফু এলেকাত স্বাস্থ্য হানিকাৰক গুটখা জাতীয় সামগ্ৰীৰ ব্যৱহাৰ প্ৰসংগক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে আগত দিনত ডিফু এলেকাত গুটখা প্ৰচলনৰ বিৰুদ্ধে ছাত্ৰ