Weather Data Source: wetter Bangalore 14 tage

May 29, 2025 5:34 am

संपादकीय
Sangbad Prahari

যাৰ পিতৃ নাই, তেওঁহে বুজে পিতৃ নোহোৱাৰ বেদনা | Shahin Sultana

  – চাহিন চুলতানা এটা কল ৰেকৰ্ডিং.. য’ত নিজৰ পিতৃয়ে পুত্ৰক ফোন কৰি নিজৰ নাম উচ্চাৰণ কৰি পৰিচয় দিব লগা হৈছিল যে- “মই তোমাৰ পাপা”। জন্ম দিয়েই পুত্ৰক এৰি দিয়া নাছিল। কোলাই- বোকোচাই ডাঙৰ-দীঘল কৰি, দেহাৰ তেজক পানী কৰি ডাক্তৰ বনালে, সমাজে চিনি পোৱাকৈ মানুহ কৰিলে! তাৰ বিনিময়ত শেষ পৰিণতিত কুলাংগাৰ পুত্ৰই পিতৃক দিয়া পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপহাৰ! এতিয়া কথা হল, সেই পিতৃজনৰ যিয়েই ভুল নাথাকক কিয়! সেই পিতৃজনে ইমান বছৰৰ পাছত পুত্ৰক ফোন কৰি জীৱনৰ অন্তিম সময়ছোৱাত মুখখন চাবলৈ বিচাৰোতে পুত্ৰজনৰ হৃদয়ত থকা শিলটো এবাৰো গলি নগল নে…? কিবা ঘৰুৱা সংঘাতত হয়তো আতৰি থাকিব লগীয়া হৈছিল, সেইবুলি এজন পিতৃৰ জীৱনৰ শেষ মূহুৰ্তখিনিত পুত্ৰক এবাৰ মুখখন চাই মৰিব পাৰিলে শান্তি

Read More »
Sangbad Prahari

কিহৰ এই সংঘাত… পুষ্পা প্ৰেম নে ৰাজনৈতিক সমীকৰণ!

  – মহিবুল মণ্ডল   পুষ্পা-২ মুভি’ৰ কথা চাগে সকলো জানেই। পুষ্পা ৰঙা চন্দনৰ ছিণ্ডিকেটৰ সভাপতি। বিধায়ক মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে..। সকলোকে ছিণ্ডিকেটৰ টকা দিয়ে পুষ্পাই। কিন্তু পুষ্পাই কোনোদিন মুখ্যমন্ত্ৰীক লগ পোৱা নাই। এদিন এজন মন্ত্ৰীয়ে পুষ্পাক লগ ধৰিলে মুখ্যমন্ত্ৰীৰ ওচৰলৈ। পুষ্পাৰ আনন্দৰ সীমা নাই। মুখ্যমন্ত্ৰীক লগ পাব!আনন্দতে পুষ্পাৰ পত্নীয়ে ক’লে,মুখ্যমন্ত্ৰীৰ লগত আপুনি এখন ফটো উঠি আহিব, সেইখন ঘৰত ডাঙৰকৈ বন্ধাই থ’ম। মানুহক ক’ম,চা মোৰ মানুহটো কিমান ডাঙৰ মানুহ,মুখ্যমন্ত্ৰীৰ লগত ফটো। কথামতেই মন্ত্ৰীৰ লগত পুষ্পা গৈ মুখ্যমন্ত্ৰীৰ অফিচ পালেগৈ। কথা বাৰ্তা সকলো হোৱাৰ পিচত, পুষ্পাই ক’লে, ছাৰ মই আপোনাৰ লগত এখন ফটো উঠো। মুখ্যমন্ত্ৰী জাঙুৰ খাই উঠিল। কি কথা ক’ব আহিছ, ছিণ্ডিকেটৰ সভাপতি-স্মাগলাৰ এটাৰ লগত মই ফটো উঠিম নেকি! মানুহে দেখিলে

Read More »
Sangbad Prahari

অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন | Supreme Court of India

অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হ’ব ১৯৭১। উচ্চতম ন্যায়ালয়ত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ। অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হ’ব ১৯৭১। নাগৰিকত্ব আইনৰ ৬ (ক) দফা সন্দৰ্ভত এই ৰায়দান উচ্চতম ন্যায়ালয়ৰ। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ৫জনীয়া বিচাৰপীঠে দিলে ৰায়।১৯৭১চনৰ ২৫ মাৰ্চৰ সপক্ষে ৰায়দান ৪ জন ন্যায়াধীশৰ। ১৯৭১চনৰ ২৫ মাৰ্চৰ বিপক্ষে ৰায়দান এজন ন্যায়াধীশৰ।মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ উপৰি ন্যায়াধীশ সূৰ্যকান্ত, এম এম সুন্দৰেশ, আৰু মনোজ মিশ্ৰই ১৯৭১চনৰ ২৫ মাৰ্চৰ সপক্ষে ৰায় দিয়ে। আনহাতে জে বি পাৰ্ডিৱালা এই মতৰ বিপক্ষে ৰায় দিয়ে। নাগৰিকত্ব আইন ১৯৫৫ৰ 6A ধাৰাক প্ৰত্যাহ্বান জনাই গোচৰ তৰিছিল অসম সন্মিলিত মহাসংঘ আৰু ইণ্ডিজেনাছ ফ’ৰামে। ৫৬২/২০১২ নম্বৰত বিচাৰাধীন হৈ আছিল এই বিষয়টো। অসম সন্মিলিত মহাসংঘ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে দাখিল কৰিছিল

Read More »
Sangbad Prahari

Ratan Tata | ৰতন টাটাক কেনেদৰে পাহৰিব অসমবাসীয়ে

  দুৰ্গাপূজাৰ আনন্দ-উলাহৰ মাজতে সপ্তমীৰ শুভ প্ৰভাতত বিষাদে আৱৰি গৈছে সমগ্ৰ দেশ। কিয়নো দেশৰ ঔদ্যোগিক খণ্ডৰ এক বিশিষ্ট স্তম্ভ, আৰ্থ-সামাজিক ক্ষেত্ৰৰ এগৰাকী কৰ্ণধাৰ আৰু আধুনিক ভাৰতৰ অন্যতম প্ৰাণ প্ৰতিষ্ঠাতা ৰতন টাটাই এই ধৰাৰ মায়া এৰি চিৰবিদায় মাগিছে। মৃত্যুৰ শীতল কোলাত এতিয়া চিৰনিদ্ৰাত মগ্ন বিখ্যাত উদ্যোগপতি ৰতন টাটা । ৮৬ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । নিশ্চিতভাৱে ৰতন টাটাৰ মৃত্যু দেশৰ বাবে এক অপূৰণীয় ক্ষতি । দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা ৰতন টাটা মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। তেওঁৰ বয়সজনিত বহু ৰোগৰ সমস্যাই দেখা দিছিল। টাটা গ্ৰুপক আকাশ স্পৰ্শৰ দিশে লৈ যোৱা ৰতন টাটাই ভাৰতীয় ঔদ্যোগিক খণ্ডকো এক নতুন উচ্চতা প্ৰদান কৰি গৈছে । যাৰ বাবে তেওঁক

Read More »
Sangbad Prahari

মিয়াৰ হাতত ৰেলৰ চাবি – যোগ্যতাৰ ভিত্তিত স্থান পাইছে মিয়াৰ যুৱক-যুৱতীয়ে

মাছ-মাংস, শাক-পাচলি এইবাৰ মিয়াৰ হাতত ৰেলৰ চাবি। মিয়া সকলৰ চিকিৎসক শিক্ষক ইঞ্জিনিয়াৰ আছে, মিয়া সকলৰ ভিতৰত IPS, IAS, APS, আছে । যোগ্যতাৰ ভিত্তিত বহুত ওপৰত স্থান পাইছে মিয়াৰ বহু যুৱক যুৱতীয়ে। তেন্তে কিয় উজনি অসমৰ পৰা মিয়া খেদাৰ আন্দোলন আৰম্ভ হল? অসমত মিয়া বিতৰ্ক চলিয়েই আছে, বিশেষকৈ উজনি অসমত। ৰাজনৈতিক স্বাৰ্থতেই হওঁক বা অন্য কাৰণতেই হওঁক, মুঠতে উজনি অসম ত্যাগ কৰিবয়েই লাগিব মিয়াই। এই আন্দোলন আৰম্ভ হোৱাৰে পৰা উজনি অসমত বহু কাম স্থগিত হৈ আছে। তাৰে উদাহৰণ, মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম, বন্ধ হৈ থকা বিভিন্ন ইটাভাটা উদ্যোগ ইত্যাদি। এয়া মাত্ৰ কিঞ্চিৎ উদাহৰণহে। এনে বহু ঘটনা সংঘটিত হৈছে উজনি অসমত। মিয়াৰ বিতৰ্ক শেখ নোহোৱাৰ পূৰ্বেই বন্দে ভাৰত এক্সপ্ৰেছ’ৰ পাইলটৰ

Read More »

মুছলমান হোৱাটোৱেই অপৰাধ নেকি? খণ্ড- ২

চাহিন চুলতানা ৰাতিপুৱা উঠি বাতৰি কাকতখন মেলিলেই নাইবা টিভিত বাতৰি চাবলৈ গলেও কেৱল হত্যা, লুণ্ঠন, ধৰ্ষণ, দুৰ্নীতি, অনিয়ম আদিৰ বাতৰিয়ে অধিক ঠাই পোৱা পৰিলক্ষিত হয়। বাতৰি এনেইতো প্ৰচাৰ বা প্ৰকাশ কৰা নহয়। ঘটনা এটা ঘটাৰ পিছতেই সেয়া বাতৰি হিচাপে প্ৰকাশ বা প্ৰচাৰ হয়। এনে বাতৰিসমূহ প্ৰচাৰ বা প্ৰকাশ হোৱাৰ পিছতেই সম্প্ৰতি গা কৰি উঠা সামাজিক মাধ্যমত তাকে লৈ ট্ৰল কৰা দেখা যায়। সমাজিক মাধ্যমত এই ঘটনাসমূহ ধৰ্মীয় ৰূপত মেৰু বিভাজন কৰি সম্প্ৰীতিৰ আগবাটত ভেটা দি সামাজিক পৰিৱেশ বিনষ্ট কৰা পৰিলক্ষিত হয়। এক কথাত কবলৈ গলে সামাজিক মাধ্যমত সোমাবই নোৱাৰি। বিশেষকৈ ফেচবুকত সোমালেই যেন কেৱল হিন্দু-মুছলামনৰ কাজিয়া। ফেচবুকৰ এই হিন্দু মুছলমানৰ কাজিয়াৰ মাজতেই দীৰ্ঘদিন ধৰি এটা বিষয়ে বিশেষভাৱে ব্যাপক চৰ্চা হোৱা

Read More »

সন্দেহজনক? মুছলমান হোৱাটোৱেই অপৰাধ নেকি?

ৱাহিদুৰ ৰহমান বৰা সন্দেহজনক…। অসমত সততে উচ্চাৰিত হোৱা এটা শব্দ। এই সন্দেহজনক শব্দটোক লৈ দীর্ঘ বছৰ ধৰি একাংশ ৰাজনৈতিক দলৰ নেতাই তেওঁলোকৰ ৰাজনৈতিক ৰুটীখন সেকি আহিছে। মূৰত টুপী, মুখত দাড়ি আৰু পিন্ধনত লুঙী দেখিলেই এইসকলৰ দৃষ্টিত লোকজন হৈ পৰে সন্দেহজনক। লোকজন ভাৰতীয় নে বাংলাদেশী নথি-পত্ৰ পৰীক্ষা কৰাৰ যেন কাৰোৰেই সময় নাই।  পিন্ধনত লুভী বা টুপী থাকিলেই হ’ল, সেই লোকজন সন্দেহজনক বা বাংলাদেশী হৈ পৰে। হয়, আমি অসম মুলুকত শেহতীয়াকৈ ঘটি থকা কেতবোৰ ঘটনাৰ কথাই ক’ব বিচাৰিছো। লুঙী-টুপী পৰিধান কৰা অসমৰ মুছলমানসকল এতিয়া একাংশৰ বাবে সন্দেহজনক নাগৰিক। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি জহাই ফুৰা একাংশ সাংবাদিকৰ পৰা আৰম্ভ কৰি তথাকথিত উগ্র সাম্প্রদায়িক সংগঠন আৰু ৰাজনৈতিক দলৰ একাংশ নেতাই লুঙী-টুপী দেখিলেই তেওঁলোকৰ গা

Read More »

Dhing Report | নিতৌ পোহৰলৈ আহিছে ধিং কাণ্ডক লৈ ন ন চাঞ্চল্যকৰ তথ্য

নিতৌ পোহৰলৈ আহিছে ধিং কাণ্ডক লৈ ন ন চাঞ্চল্যকৰ তথ্য পানীত পৰি মৃত্যু হোৱা তফাজ্জুল প্ৰকৃততে বলাৎকাৰত অভিযুক্ত তফাজ্জল নহয়  থানাতে হত্যা কৰি পুখুৰীত পেলাই দিয়া হৈছিল তফাজ্জুলৰ মৃতদেহ মৃত তফাজ্জল, ধর্ষণত অভিযুক্ত তফাজ্জল দুজন ভিন্ন ব্যক্তি  গোচৰ উঠাই ললে ৫০ লাখ টকা, ৫ টা ঘৰ, দুবিঘা মাটি প্ৰদানৰ প্রলোভন মৃত তফাজ্জলৰ পৰিয়ালৰ দাবী আৰক্ষীৰ অকথ্য নির্যাতনতহে মৃত্যু হ’ল তফাজ্জলৰ অসম আৰক্ষীৰ কৰ্ম কাণ্ডক আপুনি ধিক্কাৰেই নে কি ভাষাৰে গৰিহণা দিব, তাৰ হয়তো শব্দ বা ভাষাই আপুনি বিচাৰি নাপাব। কিয়নো ৰক্ষক ৰূপত থকা আৰক্ষী ভক্ষকৰ ৰূপ ধাৰণ কৰা কোনো নতুন কথা নহয়। কিন্তু শেহতীয়াকৈ আসম আৰক্ষীয়ে যি আৰম্ভ কৰিছে, তাৰ উদাহৰণ চালে সাধাৰণ ৰাইজৰ বাবে আৰক্ষী কেৱল ঘৃণাৰ হে পাত্ৰ

Read More »

Shaima Naushin’s achievements in NEET exam | নীট পৰীক্ষাত শ্বাইমা নৌশ্বিনৰ কৃতিত্ব

 গুৱাহাটীঃ মঙলবাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা চমুকৈ নীটত ৬৫৮ নম্বৰ লাভ কৰি উজ্বলি উঠিল শ্বাইমা নৌশ্বিন। গুৱাহাটীৰ এলেনত কোচিং কৰি প্ৰথমবাৰতেই এই কৃতিত্ব অৰ্জন কৰে ছাত্ৰীগৰাকীয়ে। উল্লেখ্য যে শ্বাইমা নৌশ্বিনে ছাউথ পইণ্ট স্কুলৰ পৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত আটাইকেইটা বিষয়ত লেটাৰসহ 92.4 শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ সপোন পুহি ৰখা শ্বাইমা নৌশ্বিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্বাহজাহান আলী আৰু গুৱাহাটীৰ হাতীগাঁও হাইস্কুলৰ শিক্ষয়িত্ৰী আছফিয়া আহমেদৰ ডাঙৰ জীয়ৰী। শ্বাইমা নৌশ্বিনৰ এই ফলাফলত শিক্ষা প্ৰতিষ্ঠানৰ লগতে অঞ্চলবাসীয়েও উৎফুল্লিত হৈ পৰাৰ লগতে বিভিন্নজনে অভিনন্দন জনাইছে।

Read More »

বিপিএফ-ইউপিপিএলক গ্ৰাস কৰাৰ ভয়ানক ব্লুপ্ৰিণ্ট বিজেপিৰ

ছৈয়দ বুলবুল জামানুৰ হক আগ্রাসী ৰাজনীতিৰে এটাৰ পিচত আন এটা আঞ্চলিক দলৰ অস্তিত্ব বিপন্ন কৰি অহা বিজেপিয়ে এইবাৰ লক্ষ্য হিচাপে লৈছে বি টি আৰক। বড়োভূমিৰ আঞ্চলিক দল ইউ পি পি এলৰ সৈতে মিত্ৰতাৰ ভিত্তিত যোৱা বিধানসভা আৰু পৰিষদীয় সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা বিজেপিয়ে এতিয়া বি টি আৰ অঞ্চলত শক্তিশালীভাৱে খোপনি পুতিবলৈ ৰচনা কৰিছে বিশেষ ব্লুপ্রিন্ট। মিত্রদল ইউ পি পি এলৰ লগতে বি পি এফক গ্ৰাস কৰি বি টি আৰ সম্পূৰ্ণৰূপে নিজৰ অধীনলৈ নিয়াৰ উদ্দেশ্যে সম্প্ৰতি বি টি আৰ অঞ্চলৰ বুথে বুথে জঁপিয়াই পৰিছে বিজেপিৰ নেতা-বিষয়ববীয়া। গেৰুৱা দলটোৰ নেতৃত্বই ইতিমধ্যে বি টি আৰত অভিযান চলাবলৈ গঠন কৰি দিছে ৬০ জনীয়া বিশেষ দল। এই দলটোৰ নেতৃত্ব প্ৰদান কৰা হৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস,

Read More »