Weather Data Source: wetter Bangalore 14 tage

May 29, 2025 5:12 am

आज के विचार
Sangbad Prahari

যাৰ পিতৃ নাই, তেওঁহে বুজে পিতৃ নোহোৱাৰ বেদনা | Shahin Sultana

  – চাহিন চুলতানা এটা কল ৰেকৰ্ডিং.. য’ত নিজৰ পিতৃয়ে পুত্ৰক ফোন কৰি নিজৰ নাম উচ্চাৰণ কৰি পৰিচয় দিব লগা হৈছিল যে- “মই তোমাৰ পাপা”। জন্ম দিয়েই পুত্ৰক এৰি দিয়া নাছিল। কোলাই- বোকোচাই ডাঙৰ-দীঘল কৰি, দেহাৰ তেজক পানী কৰি ডাক্তৰ বনালে, সমাজে চিনি পোৱাকৈ মানুহ কৰিলে! তাৰ বিনিময়ত শেষ পৰিণতিত কুলাংগাৰ পুত্ৰই পিতৃক দিয়া পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপহাৰ! এতিয়া কথা হল, সেই পিতৃজনৰ যিয়েই ভুল নাথাকক কিয়! সেই পিতৃজনে ইমান বছৰৰ পাছত পুত্ৰক ফোন কৰি জীৱনৰ অন্তিম সময়ছোৱাত মুখখন চাবলৈ বিচাৰোতে পুত্ৰজনৰ হৃদয়ত থকা শিলটো এবাৰো গলি নগল নে…? কিবা ঘৰুৱা সংঘাতত হয়তো আতৰি থাকিব লগীয়া হৈছিল, সেইবুলি এজন পিতৃৰ জীৱনৰ শেষ মূহুৰ্তখিনিত পুত্ৰক এবাৰ মুখখন চাই মৰিব পাৰিলে শান্তি

Read More »

Shaima Naushin’s achievements in NEET exam | নীট পৰীক্ষাত শ্বাইমা নৌশ্বিনৰ কৃতিত্ব

 গুৱাহাটীঃ মঙলবাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা চমুকৈ নীটত ৬৫৮ নম্বৰ লাভ কৰি উজ্বলি উঠিল শ্বাইমা নৌশ্বিন। গুৱাহাটীৰ এলেনত কোচিং কৰি প্ৰথমবাৰতেই এই কৃতিত্ব অৰ্জন কৰে ছাত্ৰীগৰাকীয়ে। উল্লেখ্য যে শ্বাইমা নৌশ্বিনে ছাউথ পইণ্ট স্কুলৰ পৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত আটাইকেইটা বিষয়ত লেটাৰসহ 92.4 শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ সপোন পুহি ৰখা শ্বাইমা নৌশ্বিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্বাহজাহান আলী আৰু গুৱাহাটীৰ হাতীগাঁও হাইস্কুলৰ শিক্ষয়িত্ৰী আছফিয়া আহমেদৰ ডাঙৰ জীয়ৰী। শ্বাইমা নৌশ্বিনৰ এই ফলাফলত শিক্ষা প্ৰতিষ্ঠানৰ লগতে অঞ্চলবাসীয়েও উৎফুল্লিত হৈ পৰাৰ লগতে বিভিন্নজনে অভিনন্দন জনাইছে।

Read More »

তলি উদং ! শিক্ষামন্ত্ৰীৰ চিঠি আৰু এইমছৰ শিক্ষাৰ্থী সকলে ৰাস্তাত অনুদান বিচৰাটো কিহৰ ইংগিত ?

যিকোনো এজন ব্যক্তি, এখন ৰাজ্য বা এখন দেশ চলিবলৈ ধনৰ প্ৰয়োজন। এই ধন নিজৰ উপাৰ্জনৰ পৰা আহিব পাৰে নতুবা আন কাৰোবাৰ পৰা অনুদান তথা ঋণ হিচাপে আহিব পাৰে। আত্ম নিৰ্ভৰশীল ব্যক্তি বা ৰাজ্যই আনৰ আগত হাত পাতিবলগীয়া নহয়। কিন্তু উপাৰ্জনৰ তুলনাত ব্যয় অধিক হ’লে ব্যয় সংকোচন কৰাটো আৱশ্যকীয় হৈ পৰে। ব্যয় সংকোচন কৰিব নোৱাৰিলে দুটাই পথ থাকে, হয় দেউলীয়া হ’ব লাগিব, নতুবা আনৰ আগৰ হাত পাতিব লাগিব। যি সময়ত দিল্লীৰ শিক্ষা ব্যৱস্থাক লৈ বিশ্বৰ আগশাৰী বাতৰি কাকত দি নিউৱাৰ্ক টাইমচে প্ৰশংসাৰে উপচাই পেলাইছে সেই সময়ত আমাৰ ৰাজ্য চৰকাৰে এখন পত্ৰৰ জৰিয়তে এক প্ৰকাৰৰ ‘চান্দা’ তোলাৰ বাবে আহ্বান জনায় বিধায়কসকলক । এয়া আচলতে চৰকাৰৰ যে তলি উদং হৈছে সেয়া তাৰেই প্ৰমাণ

Read More »

পৰিয়াল আৰু প্ৰদেশ কংগ্ৰেছে বিচৰা মতেই কৰা হ’ব তৰুণ গগৈৰ অন্তেষ্টিক্ৰিয়া

 প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ অন্তিম শয়ণ যাত্ৰা GMCH ৰ পৰা পুৱা ৯:৪০ বজাত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ নশ্বৰ দেহ এখন পুষ্পসজ্জিত বাহনেৰে নিয়া হয়। ইয়াৰ পৰা পোনে পোনে নিয়া হ’ব গগৈৰ দিচপুৰস্থিত চৰকাৰী আৱাস গৃহলৈ।তাত শ্ৰদ্ধাঞ্জলি জনাই পোনে পোনে জনতা ভৱনলৈ অনা হ’ব গগৈৰ নশ্বৰ দেহ। তাত সচিবালয়ৰ বিষয়া-আমোলা তথা কৰ্মচাৰীসকলে শেষ শ্ৰদ্ধাঞ্জলি জনাব।তাৰ পাছত গগৈৰ নশ্বৰ দেহ অনা হ’ব ৰাজীৱ ভৱনলৈ। তাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰিছে প্ৰদেশ কংগ্ৰেছে। বিয়লি প্ৰায় ৪ বজাত শংকৰদেৱ কলাক্ষেত্ৰলৈ নিয়া হ’ব গগৈৰ নশ্বৰ দেহ।আজি ৰাতিটো আৰু কাইলৈ দিনটো কলাক্ষেত্ৰত গগৈৰ নশ্বৰ দেহ ৰখাই অহা ২৬ নৱেম্বৰত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।বৰ্তমানলৈকে অন্ত্যেষ্টিক্ৰিয়াৰ স্থান নিৰ্ধাৰণ হোৱা নাই।গগৈক শেষ দৰ্শন দিবলৈ অগণন গুণমুগ্ধই ভিৰ কৰে GMCH চৌহদত।

Read More »

শিশু দিৱস নে সমবায় দিৱস ! ইয়াৰ প্ৰয়োজনীয়তা আৰু নিষ্ঠুৰ বিতৰ্ক।

@ মহিবুল মণ্ডল  আজিৰ শিশু কাইলৈ নাগৰিক। শিশুসকল জাতিৰ অমূল্য সম্পদ। ১৯৫৪ চনত ৰাষ্ট্ৰসংঘই বিশ্ব-সমাজত শিশুৰ গুৰুত্ব অনুধাৱন কৰি শিশু দিৱস উদ্‌যাপন কৰাৰ সিদ্ধান্ত লৈ ৰাষ্ট্ৰসমূহক কোনো গুৰুত্বপূৰ্ণ দিন অনুযায়ী এই দিন পালনৰ বাবে আহ্বান জনায়। ভাৰতত জৱাহৰলাল নেহৰুৰ জন্ম দিনত অৰ্থাৎ ১৪ নবেম্বৰত শিশু দিৱস উদ্‌যাপন কৰা হয়।  কিন্ত্ত আমাৰ সমাজত সঘনাই পৰিলক্ষিত হোৱা এটা দুৰ্ভাগ্যজনক ঘটনা হৈছে এই মহান ব্যক্তিসকলক আমি তেঁওলোকৰ স্মৰণীয় দিনটোতহে স্মৰণ কৰো। পৰিতাপৰ কথা যে, আমাৰ সমাজত শিশু শ্ৰমিক এতিয়া ‘ঘাটে-বাটে’!! এইখন ভদ্ৰলোকৰ সমাজত আজিও কন্যা সন্তান লাঞ্চিত হৈ আছে, শিশু-নাবালিকা ধৰ্ষিতা হৈ আছে।  তদুপৰি আইনগত ভাবে অপৰাধ যদিও আজিও কন্যা ভ্ৰুণ হত্যা কৰা হয়, বহু শিশু এতিয়াও অনাহাৰে-অৰ্দ্ধাহাৰে কাল কটাইছে, দৰিদ্ৰতাৰ কবলৰ পৰা

Read More »

অসমৰ মুছলমান আৰ এছ এছ কোন ?

■ অসমৰ মুছলমান সমাজৰ ব্ৰাহ্মণ্যবাদক চিনো আহঁক। ■ অসমৰ মুছলমান আৰ এছ এছ কোন ? ■ অজিত কুমাৰ ভূঞা, প্ৰশান্ত ৰাজগুৰু, মনজিৎ মহন্ত, অখিল গগৈ সমালোচিত নহ’ব কিয়?  ● চাইজুৰ ৰহমান শিৰোনাম দেখি ভিন্নজনৰ মনত ভিন্ন প্ৰশ্ন উদয় হোৱাটো স্বাভাৱিক। হিন্দুৰ ক্ষেত্ৰত প্ৰযোজ্য ব্ৰাহ্মণ্যবাদ অসমৰ মুছলমানৰ মাজত সোমাল কিয় ? অথবা সাম্য-মৈত্ৰীৰ ধৰ্ম ইছলামৰ অনুসৰণকাৰী মুছলমানৰ মাজত ব্ৰাহ্মণ্যবাদ থকাৰ প্ৰশ্ন অবান্তৰ। একেদৰে মুছলমানৰ মাজত আৰ এছ এছ, এয়াও যেন এক দুৰ্বোধ্য প্ৰসংগ। একেদৰে মুছলমানৰ ব্ৰাহ্মণ্যবাদ আৰু আৰ এছ এছৰ প্ৰসংগৰ মাজত অসমৰ চাৰিগৰাকী বিশেষ ব্যক্তি ক্ৰমে অজিত কুমাৰ ভূঞা, প্ৰশান্ত ৰাজগুৰু, মনজিৎ মহন্ত আৰু অখিল গগৈ সমালোচিত হোৱাৰ যুক্তি ক’ত বুলিও প্ৰশ্ন উত্থাপিত হোৱাটো খাটাং । এনে বিভিন্ন প্ৰশ্নৰ সন্ধিক্ষণত

Read More »

কৃষক আইনৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ : ২০১৯ বৰ্ষতে দেশত ৪২,৪৮০ জন কৃষকৰ আত্মহত্যা

আশ্ৰাফুল ইছলাম :  মোদী চৰকাৰে এটাৰ পাছত আনটোকৈ জনবিৰোধী নীতিৰে পুঁজিপতিৰ স্বাৰ্থত আইন প্ৰণয়ণ কৰি আহিছে৷ শেহতীয়াকৈ মোদী চৰকাৰে সংসদত তিনিখনকৈ কৃষক আইন গৃহীত কৰিলে৷           দেশৰ সমগ্ৰ প্ৰান্তৰ কৃষকসকলৰ তীব্ৰ প্ৰতিবাদৰ পাছতো চৰম স্বৈৰাতান্ত্ৰিকভাৱে কৃষক সকলৰ জীৱনলৈ অন্ধকাৰ নমাই আনি তিনিখনকৈ কৃষক বিৰোধী আইন ক্ৰমে,  · The Farmers’ Produce Trade and Commerce (Promotion and Facilitation) Act, 2020  · The Farmers’ (Empowerment and Protection) Agreement of Price Assurance and Farm Services Act, 2020  · The Essential Commodities (Amendment) Act, 2020  সংসদত গৃহীত কৰালে৷ দেখাত সুন্দৰ যেন লাগিলেও আইন কেইখনৰ ফলত কৃষক সকলৰ ক্ষেত্ৰত পৰিব লগা প্ৰভাৱ সমূহ এনেধৰণৰ—  (১) যিকোনো ব্যক্তিয়ে যিকোনো স্থানত গৈ কৃষি সামগ্ৰী

Read More »

২০২১ত আকৌ এবাৰ, বিজেপি চৰকাৰ

✍ মহিবুল মণ্ডল  অম্বিকাগিৰী ৰায় চৌধুৰীয়ে ১৯৫০ চনতেই কৈছিল- ‘বাহিৰৰ হিন্দুৱানী বা মুছলমানী উন্মাদনা অসমত সুমুৱাই, অসমলৈ বেছি সংখ্যক হিন্দু বাহিৰৰ পৰা নানিলে অসম পাকিস্তানলৈ যাব বুলি অসমীয়া হিন্দু কেইটাই ভয় দেখুৱাই আৰু বাহিৰৰ পৰা অসমলৈ বেছি সংখ্যক মুছলমান আমদানি নকৰিলে অসমীয়া মুছলমান কেইটাৰ ওপৰত অসমীয়া হিন্দুই উপদ্ৰৱ কৰিব বুলি ফুচুলাই, অসমীয়াৰ ভিতৰত বিভেদ, অশান্তি সৃষ্টি কৰিছে।’  যুগে যুগে সেয়াই প্ৰমাণ হৈ আহিছে। এসময়ৰ ভাষা আন্দোলন, বিদেশী খেদা আন্দোলন। আন্দোলন আহিল আৰু সমাপ্তি হ’ল। কিন্তু কোনো এটি সমস্যা সমাধান নহ’ল। ৰাজনৈতিকভাৱে এই সমস্যা সমাধান কৰাৰ হকে কোনোদিনেই ফলপ্ৰসূ পদক্ষেপ হাতত নল’লে কোনো এটি শাসকগোষ্ঠীয়ে। কেৱল ই এক সংঘাতময় সময়ৰ ইতিহাস হৈ ৰৈ গ’ল।  আকৌ আহিল ‘কা’ আন্দোলন। জাতীয় জীৱনৰ প্ৰতি তীব্ৰ

Read More »

শিক্ষক দিৱস আৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ

✍ এন, এ, ৰুবুল মিৰ্জা, গুৱাহাটী ভাৰতীয় সমাজে শিক্ষক দিৱস এটা উদযাপনৰ কথা ভাবোতে ভাৰতবৰ্ষৰ পণ্ডিতসকলে ৰাজনৈতিক নেতাসকলৰ লগত আলোকপাত কৰি আজন্ম ছাত্র-শিক্ষক ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন পাঁচ ছেপ্টেম্বৰকে শিক্ষক দিৱসৰূপে উদযাপন কৰাৰ সিদ্ধান্ত লয়। যদি আমি আজিৰ তাৰিখত ইয়াৰ কাৰণ বিচাৰিব যাওঁ তেন্তে আমাৰ স্বাধীনোত্তৰ সময়ছোৱাৰ বিশ্বৰ ৰাজনৈতিক পেক্ষাপট দায়ি বুলিয়েই ক’ব লাগিব।ৰাজনৈতিক পৰিস্হিতিয়ে এনে এক চৰিত্র দিশলৈ ধাৱমান হৈছিল যে গোটেই বিশ্বখনকেই যেন দ্বিতীয় বিশ্বযুদ্ধতকৈও ভয়াবহ এক ঝৰ-তুফানে তুলা উৰাদি উৰুৱাই লৈ যাব। সেই সময়ত ঝৰ-তুফানক বাধা দিয়াৰ একামত্র উপায় আছিল দেশসমূৰ শিক্ষা ব্যৱস্হাৰ তীব্ৰতাৰে সংশোধন কিম্বা আমূল পৰিৱৰ্তনেৰে যুৱ-প্ৰজন্মক সুস্হ আৰু নৈতিকতাৰ পৰিধিলৈ অনা, বৌদ্ধিক চেতনাবোধৰে দীক্ষিত কৰা।কিন্তু কোনে পাৰিব? কাৰ হাতত নেতৃত্ব অৰ্পন কৰিব ভাৰতীয় বিদ্বৎ

Read More »

হিমন্ত বিশ্ব শৰ্মা ইমান অস্থিৰ কিয়?

✍ শিখা শৰ্মা, গুৱাহাটী মানুহবোৰে যেন লাহে লাহে সংযম হেৰুৱাই পেলাইছে ৷ মানুহবোৰ অমানুহলৈ গতি কৰিছে ৷ কাৰো কথা শুনি হজম কৰি পেলোৱাৰ শক্তি নাই ৷ কোনোবা যদি ডালে ডালে, আন কোনোবা পাতে পাতে ৷ কোনোবা যদি বাৰৰে, আন কোনোবা তেৰৰে ৷ এক মুকলি যুদ্ধ ৷ কথাৰ ৷ এই যুদ্ধত কোনো বিজয়ী বা বিজিত নহয় ৷ কিন্তু ক্ষতিগ্ৰস্ত হয় সাধাৰণ ৰাইজ ৷ ক্ষণিকৰ ভাল লগা উত্তেজিত কথাৰ তীড়ে, মানুহৰ মন আৰু মগজুত নেতিবাচক প্ৰভাৱ পেলায় ৷ মানুহবোৰ লাহে লাহে উত্তেজিত হ’বলৈ ধৰে আৰু বিবেক নোহোৱা অথবা বিভিন্ন সমস্যাত বিবেক হেৰুওৱা মানুহবোৰে, আক্ৰমণ-প্ৰতি আক্ৰমণৰ এক মানসিকতাৰ গঢ় দিয়ে ৷ যিটো সমাজৰ বাবে বৰ ক্ষতিকাৰক ৷ সমাজ লেতেৰা কৰা এই বীজানুবিধ আহিল

Read More »