Weather Data Source: wetter Bangalore 14 tage

May 29, 2025 6:08 am

साहित्य

সতীদাহ

✍ ওঁমপ্ৰকাশ নাথ অসমীয়া, হোজাই তিল ফুল এজোপাৰ বগা পাপৰিয়ে পাহি মেলা নাই ইয়াতবগা কাপোৰৰ চালি এখনো নাই,তথাপি চাৰি বেৰৰ মাজৰ বতাহত বিয়পিছেপোৰা পোৰা এক গোন্ধভঙা নাই টেকেলিতথাপি কামিহাড় ভঙা মৌন কোলাহলকাণে কণে বিয়পিছে ………কাৰ কাণ ?ইয়াতচোন সকলো শুই আছে সমাধিত !এটা সপোনৰ সতী হোৱাআটাইবোৰ উশাহ শুই পৰিছেএকেখন সাঙীত কোনেও নেদেখাকৈমুখাগ্নি কৰিছে এখন অদৃশ্য হাতেহাতখনৰ এটি শব্দ আছে,টিক্‌ টিক্‌ টিক্‌ টিক্… —————– প্ৰিয় পাঠক-পাঠিকা, লেখক-লেখিকাবৃন্দ। এই লেখাটো পঢ়ি কেনে পালে তলৰ Comment Boxত নিজৰ মন্তব্য প্ৰদান কৰিবলৈ নাপাহৰিব। আপুনিও আমাৰ এই মুক্তকণ্ঠ শিতানত প্ৰেৰণ কৰিব পাৰে আপোনাৰ মূল্যৱান লেখনি-অনুভৱ। আমি সংবাদ প্ৰহৰীয়ে প্ৰকাশ কৰিম আপোনাৰ লেখনি-অনুভৱ। লেখনি-অনুভৱ আপোনাৰ, প্ৰকাশ কৰাৰ মঞ্চ আমাৰ। সংবাদ প্ৰহৰীৰ সৈতে সংযুক্ত হৈ থাকিবলৈ Like, Follow

Read More »

বিগলিত সময় || Kangkana Sarma

 ✍ কংকণা শৰ্মা (কুইন), গুৱাহাটী শেলুৱৈ ধৰা চোতালখনতচেঙালুটি মাৰি ক্ৰমশঃপ্ৰত্যুষে বাগৰ সলায়; বেলিফুলৰ ৰূপকথাত মুখৰ হোৱাৰোমাঞ্চ ভৰা দুপৰীয়াটোগোমা আবেলি এটাত নীৰৱে হেৰায়। বুকুৰ উৰ্মিল বেদনাবোৰহুমুনিয়াহৰ সতে’ চিটিকি পৰেহায়, জীৱনৰ নেপথ্যত সুখৰ বিন্যাস! বিষাদৰ কালাভ্ৰ মেঘেধূসৰ কৰি তোলে দেখোনদুচকুত উম দি ৰখা যত স্বপ্নবিলাস। কাণিমুনি সন্ধ্যাৰ চকাছন্দাতকপালৰ বলিৰেখাত জিলিকেবিগলিত সময়ৰ বৰ্ণিল ইতিহাস; অৱৰুদ্ধ কণ্ঠেৰে বগাই আহেএটি জীৱনমুখী ৰাগশেষ প্ৰহৰত স্পন্দিত হয় মুমূৰ্ষু উশাহ। প্ৰিয় পাঠক-পাঠিকা, লেখক-লেখিকাবৃন্দ। এই লেখাটো পঢ়ি কেনে পালে তলৰ Comment Boxত নিজৰ মন্তব্য প্ৰদান কৰিবলৈ নাপাহৰিব। আপুনিও আমাৰ এই মুক্তকণ্ঠ শিতানত প্ৰেৰণ কৰিব পাৰে আপোনাৰ মূল্যৱান লেখনি-অনুভৱ। আমি সংবাদ প্ৰহৰীয়ে প্ৰকাশ কৰিম আপোনাৰ লেখনি-অনুভৱ। লেখনি-অনুভৱ আপোনাৰ, প্ৰকাশ কৰাৰ মঞ্চ আমাৰ। সংবাদ প্ৰহৰীৰ সৈতে সংযুক্ত হৈ থাকিবলৈ Like, Follow

Read More »

“অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ, অসম”ৰ প্ৰথম বর্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

২০২১ চনৰ ছেপ্টেম্বৰ মাহত ফেচবুকৰ মজিয়াত আত্মপ্ৰকাশ কৰা “অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ : অসম” নামৰ ফেচবুক গোটটোৰ প্ৰথম বর্ষপূৰ্তি অনুষ্ঠানটো নগাঁও জিলাৰ অসম সাহিত্য সভাৰ প্ৰেক্ষাগৃহত যোৱা ২৫ ছেপ্টেম্বৰ ২০২২ তাৰিখ দেওবাৰে অনুষ্ঠিত হৈ যায়।  উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বিআংলং জিলা সাহিত্য সভাৰ সভাপতি সভাৰাম বৰা ডাঙৰীয়াই। অতিথি হিচাপে উপস্থিত থাকে বটদ্ৰবা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তথা লেখক ডঃ ত্ৰিদীপ গোস্বামী ডাঙৰীয়া, লেখক সমালোচক বিপুল শৰ্মা ডাঙৰীয়া আৰু টাইম এইট চেনেলৰ সম্পাদক নেত্রজিত বৰা ডাঙৰীয়া। অনুষ্ঠানটো সঞ্চালনা কৰে লেখক-সমালোচক মুকুট শৰ্মাই ডাঙৰীয়াই। হিমাংশু পাঠকে ঘোষক হিচাপে সঞ্চালকক অনুষ্ঠান পৰিচালনা কৰাত সহায় কৰে।  এই অনুষ্ঠানতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় আশী গৰাকী কবিয়ে

Read More »

Shahnaz Islam- যুৱ কবি শ্বাহনাজ ইছলামৰ কবিতা পুথি উন্মোচন

গুৱাহাটী : অসমৰ এগৰাকী যুৱ কবি শ্বাহনাজ ইছলামে ১৪ জুলাইত (বৃহস্পতিবাৰে) ছিকিম গেংটকৰ ৰচনা গ্ৰন্থাগাৰৰ কেফে ফিকশ্বনত তেওঁৰ এখন কবিতা পুথি উন্মোচন কৰে। বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে কৰ্মৰত ইছলামৰ বহুতো কবিতা নিয়মীয়াকৈ দ্য আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল আৰু অন্যান্য আলোচনীত প্ৰকাশিত হয়। তেওঁ পৰৱৰ্তী কেইদিনমান ছিকিমত আছে আৰু তেওঁৰ ভ্ৰমণৰ জৰিয়তে কবিতাত ছিকিমৰ সৌন্দৰ্যক সন্নিৱিষ্ট কৰিব বিচাৰে। তেওঁৰ কাম আৰু কিতাপখনে সমাদৰ লাভ কৰিব বুলি আশা কৰা হৈছে৷

Read More »

Geetanjali Shree: আন্তৰ্জাতিক বুকাৰ বঁটা লাভ ভাৰতীয় লেখিকাৰ

আন্তৰ্জাতিক বুকাৰ বঁটা৷ প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰিলে এগৰাকী ভাৰতীয় লেখিকাই৷ গীতাঞ্জলীয়ে হিন্দী উপন্যাস ”ৰেত সমাধি’ ৰ বাবে লাভ কৰিলে এই বঁটা৷ যাৰ ইংৰাজী অনুবাদ Tomb of Sand. উল্লেখ্য যে ভাৰতীয় ভাষাত লিখা এখন কিতাপৰ বাবে এয়া প্ৰথম আন্তৰ্জাতিক বুকাৰ বঁটা। গীতাঞ্জলি দিল্লীৰ বাসিন্দা। বৃহস্পতিবাৰে লণ্ডনত তেওঁক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত গীতাঞ্জলীয়ে লাভ কৰে 50,000 পাউণ্ড অৰ্থাৎ ইয়াৰ ভাৰতীয় মূদ্ৰাৰ মূল্য প্ৰায় 50 লাখ টকা। হিন্দীৰ পৰা ইংৰাজীলৈ কিতাপখন অনুবাদ কৰা ডেইজী ৰকৱেলে গীতাঞ্জলিৰ সৈতে বঁটাটো ভাগ বতৰা কৰে৷ উত্তৰ ভাৰতত, এগৰাকী 80 বছৰীয়া মহিলা হৈছে ‘ৰেত সমাধি’ৰ কেন্দ্ৰীয় চৰিত্ৰ, পৰিয়ালৰ আপত্তি উপেক্ষা কৰি, যি পাকিস্তানলৈ যাবলৈ সংকল্পবদ্ধ। গীতাঞ্জলীয়ে এগৰাকী মহিলা হিচাপে নিজৰ পৰিপূৰ্ণতাৰ কাহিনী

Read More »

মুখ্যমন্ত্ৰীৰ সৈতে অসম সাহিত্য সভাৰ আলোচনা

ভাষাৰ সুৰক্ষা আৰু ইউনিক’ডত লিপিৰ স্বতন্তৰীয়া স্থানৰ দাবীত স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটী : অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত পৰীক্ষাসমূহত অসমৰ ভাষা আইনৰ দ্বাৰা স্বীকৃত আটাইকেইটা চৰকাৰী ভাষা অৱহেলিত হোৱাৰ উপক্ৰম হোৱাত তীব্ৰ আক্ষেপ প্ৰকাশ কৰিছে অসম সাহিত্য সভাই৷ অসম সাহিত্য সভাৰ সভাপতি ড॰ কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰযোগে বিষয়টো সন্দৰ্ভত সভাৰ স্থিতি স্পষ্ট কৰি কয়– ভাৰতৰ অধিকাংশ ৰাজ্যৰ লোকসেৱা আয়োগৰ দৰে অসম লোকসেৱা আয়োগেও পৰীক্ষাসমূহত ৰাজ্যখনৰ চৰকাৰী ভাষাৰ ন্যুনতম জ্ঞান [ক’ব, পঢ়িব আৰু লিখিব পৰাৰ] যোগ্যতা নিৰ্ণায়ক পৰীক্ষা বাধ্যতামূলক হোৱাতো অসম সাহিত্য সভাই প্ৰয়োজন বুলি বিবেচনা কৰে৷ এইক্ষেত্ৰত সভাই অসম চৰকাৰে প্ৰণয়ন কৰা অসম লোকসেৱা আয়োগৰ বিধি [আগষ্ট-২০১৯]

Read More »

বৃহত্তৰ দিছপুৰ শাখা লেখিকা সংস্থাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন

গুৱাহাটী : ৰাজ্যখনৰ আগশাৰীৰ সাহিত্য সংগঠন লেখিকা সংস্থা, অসমৰ অন্তৰ্গত বৃহত্তৰ দিছপুৰ শাখা লেখিকা সংস্থাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন খন ২০ ফেব্ৰুৱাৰী তাৰিখে দিনজোৰা কাৰ্য্যসূচীৰে লাষ্টগেটস্থিত লোকনিৰ্মান বিভাগ প্ৰেক্ষাগৃহ (PWD conference Hall)ত অনুষ্ঠিত কৰা হয়।  ৰাতিপুৱা ১০ বজাত পতাকা উত্তোলন কৰে শাখাৰ সভানেত্ৰী ডা:মাকন শৰ্মাই। স্মৃতি তৰ্পণ কৰে লেখিকা সংস্থা, অসমৰ সভানেত্ৰী মৃদুলা শৰ্মাই আৰু মুকলি সভা শাখাৰ সদস্যা সকলৰ উদ্বোধনী গীতেৰে উদ্বোধন কৰা হয়। প্ৰতিভা বৰা সম্পাদিত শাখাৰ মূখপত্ৰ “উত্তৰণ” উণ্মোচন কৰে লেখিকা সংস্থা অসমৰ প্ৰাক্তন সভানেত্ৰী মঞ্জুলা শৰ্মা ভট্টাচাৰ্যই। সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি ভাষণ আগবঢ়াই লেখিকা সংস্থা অসমৰ প্ৰাক্তন সভানেত্ৰী তথা মূখ্য উপদেষ্টা, সাহিত্য অকাডেমি বঁটা প্ৰাপক হৰিপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে।  সন্মানিত অতিথি হিচাপে উপস্থিত থাকে মীৰা ঠাকুৰ,

Read More »

ছেভ মিডিয়া ছলিউশ্যনে আগবঢ়োৱা ‘সংবাদ প্ৰহৰী কবিতা আবৃত্তি প্ৰতিযোগিতা’ৰ ফলাফল ঘোষণা

বিশেষকৈ নবীনসকলৰ উৎসাহিত কৰাৰ লগতে আগুৱাই অনাৰ স্বাৰ্থত ছেভ মিডিয়া ছলিউশ্যনে আগবঢ়োৱা সংবাদ প্ৰহৰী কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়৷ পূৰ্বে নিৰ্ধাৰণ কৰা নিয়মাৱলী অনুসৰিয়েই অতি নিকা তথা স্বচ্ছ পদ্ধতিৰে ‘সংবাদ প্ৰহৰী’ৰ এই কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়৷ উল্লেখ্য যে প্ৰতিযোগিতাৰ বাবে বান্ধি দিয়া নিয়মাৱলী অনুসৰি ভিউজ, লাইক, কমেণ্ট আৰু শ্বেয়াৰৰ হিচাপ মতে লাভ কৰা পইণ্টেৰ ভিত্তিত ফলাফল ঘোষণা কৰা হয়৷ অৱশ্যে বিচাৰকৰ বাবে আছিল ৫০ পইণ্ট আৰু মুঠ বিচৰাকৰ সংখ্যা আছিল তিনিগৰাকী৷ ফলাফল ঘোষণা কৰি সংবাদ প্ৰহৰীৰ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকে কয় যে, যেনেকৈ জ্ঞানৰ পৰিমান জোখাৰ বাবে পৰীক্ষা যেনেদৰে চূড়ান্ত পদ্ধতি হ’ব নোৱাৰে, ঠিক তেনেদৰে এই প্ৰতিযোগিতাৰ বাবে বান্ধি দিয়া নিয়মাৱলী এশ শতাংশই শুদ্ধ

Read More »

অসম লেখিকা সংস্থাৰ সপ্তদশ-অষ্টদশ ৰাজ্যিক দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

গুৱাহাটী : অসম লেখিকা সংস্থাৰ সপ্তদশ-অষ্টদশ ৰাজ্যিক দ্বি-বাৰ্ষিক অধিৱেশনখনি গুৱাহাটী মহানগৰীৰ চানমাৰীস্থিত পণ্ডিত তীৰ্থনাথ শৰ্মা সভাগৃহত দুদিনীয়া বিস্তীৰ্ণ কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়৷ শনিবাৰে প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি প্ৰতিনিধি আৰু বিষয় বাছনি সভাত নতুন সমিতি গঠন হয়৷ নতুন সমিতিখনৰ সভানেত্ৰী হিচাপে মৃদুলা শৰ্মা আৰু প্ৰধান সম্পাদিকা হিচাপে বিজয়া দেৱ দাস নিৰ্বাচিত হয়৷  দেওবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি অনুষ্ঠিত হয় মুকলি সভা৷ মুকলি সভাৰ পূৰ্বে সভানেত্ৰী মঞ্জুলা শৰ্মা ভট্টাচাৰ্যই পতাকা উত্তোলন কৰে৷ কেইবাগৰাকী প্ৰাক্তন সভানেত্ৰীয়ে স্মৃতি তৰ্পণ কৰাৰ পিছতেই অনুষ্ঠিত হয় মুকলি সভা৷ মুকলি সভা উদ্বোধন কৰে সত্ৰীয় সংস্কৃতিৰ বিশিষ্ট গৱেষক তথা অসম লেখিকা সংস্থাৰ প্ৰথমগৰাকী আদৰ্শ মাতৃ বঁটা প্ৰাপক ডঃ নিৰুপমা মহন্ত৷ এই অনুষ্ঠানতেই সংস্থাৰ মুখপত্ৰ সুচেতনা, তিনিমহীয়া পত্ৰিকা অৰ্ধআকাশসহ ভালেকেইখন

Read More »

‘সংবাদ প্ৰহৰী’ কবিতা আবৃত্তি প্ৰতিযোগিতা

স্ব-ৰচিত কবিতা প্ৰতিযোগিতাই বিশেষ সহাঁৰি লাভ কৰাৰ পিছত এইবাৰ ‘সংবাদ প্ৰহৰী’ৰ সাহিত্য শিতানে আগবঢ়াইছে- *কবিতা আবৃত্তি প্ৰতিযোগিতা* প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ ======================== ১৷ এগৰাকী প্ৰতিযোগীয়ে এটি কবিতা আবৃত্তিৰ ভিডিঅ’ প্ৰস্তুত কৰি প্ৰেৰণ কৰিব পাৰিব৷ (আবৃত্তিকাৰ হে প্ৰতিযোগী হিচাপে বিবেচিত হ’ব) ২৷ কবিতাটি অসমীয়া ভাষাৰ হ’ব লাগিব আৰু কবিতাসমূহৰ বাবে কোনো নিৰ্দিষ্ট বিষয়বস্তু বাছি দিয়া হোৱা নাই৷ ৩৷ কবিতা আবৃত্তিৰ ভিডিঅ’টি উন্নতমানৰ হোৱাৰ লগতে ইউনিক মিউজিক আৰু ফুটেজ তথা দৃশ্য (Unique Music & Footage) ব্যৱহাৰ কৰিব লাগিব৷ (কপি কৰা মিউজিক/ফুটেজ হলে বা কপিৰাইট (Copyright Claim) বুলি ধৰা পৰিলে প্ৰতিযোগিতাৰ পৰা বাতিল কৰা হ’ব) ৪৷ প্ৰেৰণ কৰা কবিতা আবৃত্তিৰ ভিটিঅ’টি পূৰ্বতে ফেচবুক বা ইউ টিউবত আপলোড কৰা হ’লেও প্ৰতিযোগিতাৰ পৰা বাতিল কৰা হ’ব৷ অৰ্থাৎ

Read More »