• এডুকেচন ৱৰ্ল্ডৰ সমীক্ষাত দিল্লীৰে দুখন চৰকাৰী স্কুলৰ প্ৰথম আৰু দ্বিতীয় স্থান দখল
· অৰবিন্দ কেজৰিৱালৰ আন এক কৃতিত্ব · এডুকেচন ৱৰ্ল্ডৰ সমীক্ষাত দিল্লীৰে দুখন চৰকাৰী স্কুলৰ প্ৰথম আৰু দ্বিতীয় স্থান দখল · শীৰ্ষত স্থান নাপালে অসম, গুজৰাটে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন দিল্লী চৰকাৰে লাভ কৰিলে অন্যতম সফলতা। দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ শিক্ষা ব্যৱস্থাক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হৈছে চৰ্চা। দিল্লীৰ দুখনকৈ চৰকাৰী বিদ্যালয়ে এডুকেচন ৱৰ্ল্ডয়ে প্ৰকাশ কৰা ৰেংকিঙত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিদ্যালয় আৰু শিক্ষা বিভাগক এই চমকপ্ৰদ সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে। কেজৰিৱালে এটা টুইটত কয়, ‘আমাৰ এডুকেচন টীমক লৈ আমি গৌৰৱান্বিত। আকৌ এবাৰ দিল্লী চৰকাৰী বিদ্যালয়ে ভাৰতৰ ৰাজ্য চৰকাৰসমূহৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে ই ডব্লিউৱে প্ৰকাশ কৰা ৰেংকিঙত