অসম লোকসেৱা আয়োগক অধিক গতিশীল কৰিবলৈ বৰ্তমানৰ অধ্যক্ষ পল্লৱ ভট্টাচাৰ্যই গ্ৰহণ কৰিছে বহুকেইটা পদক্ষেপ
অসম লোকসেৱা আয়োগক অধিক গতিশীল কৰিবলৈ বৰ্তমানৰ অধ্যক্ষ পল্লৱ ভট্টাচাৰ্যই গ্ৰহণ কৰিছে বহুকেইটা পদক্ষেপ। অধ্যক্ষ ভট্টাচাৰ্যই কোৰোনা ভাইৰাছৰ এই সংকটৰ মাজতে আয়োগে গ্ৰহণ কৰা কিছু পদক্ষেপৰ কথা সদৰি কৰিলে। অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়া মতে, UPSCৰ আৰ্হিত অসম লোকসেৱা আয়োগে(APSC)য়ে এইবাৰ অনুষ্ঠিত কৰিব লৈছে কমবাইন কম্পিটিটিভ এক্সামেনেশ্যন,২০২০। মুঠ ৩৩১টা পদৰ বাবে অনুষ্ঠিত হব এই পৰীক্ষা। ইতিমধ্যে অনলাইন যোগে এই পিলিমেনাৰী পৰীক্ষাৰ বাবে যথেষ্ট সংখ্যক পৰীক্ষাৰ্থীয়ে আবেদন কৰিছে। অধ্যক্ষগৰাকীয়ে লগতে কয়, https://apscrecruitment.in যোগে ১০ ছেপ্তেম্বৰৰ পৰা অনলাইন যোগে ফৰ্ম জমা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ১০ অক্টোবৰৰ নিশা ১২বজালৈকে এই অনলাইন প্ৰক্ৰিয়া চলি থাকিব। পৰীক্ষাৰ্থীসকলে এই পৰীক্ষাৰ বাবে ফৰ্ম জমা দিবলৈ অনলাইন প্ৰক্ৰিয়াৰ সৈতে কোনো প্ৰমাণ পত্ৰ দাখিল কৰিব নালাগে। অৱশ্যে ইয়াৰ বাবে