Weather Data Source: wetter Bangalore 14 tage

May 29, 2025 6:02 am

असम
Sangbad Prahari

এইচ ডি এফ চি বেংকক ইউৰোমনি প্ৰাইভেট বেংকিং এৱাৰ্ড ২০২৫ত ‘ভাৰতৰ শ্ৰেষ্ঠ এইচ এন ডব্লিউ’ হিচাপে নিৰ্বাচিত | HDFC Bank

গুৱাহাটী, ০৯ এপ্ৰিল, ২০২৫: ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক এইচ ডি এফ চি বেংকক ইউৰোমনি প্ৰাইভেট বেংকিং এৱাৰ্ডছ ২০২৫ত ‘ভাৰতৰ শ্ৰেষ্ঠ এইচ এন ডব্লিউ’ হিচাপে নিৰ্বাচিত কৰা হৈছে। ইউৰোমনিয়ে নিজৰ ৱেবছাইটত লিখিছে যে, “এইচডিএফচি বেংকে ভাৰতৰ হাই নেট-ৱৰ্থ (HNW) খণ্ডত নিজৰ ফ্লেগশ্বিপ ইম্পেৰিয়া প্ৰগ্ৰেমৰ জৰিয়তে গতিশীলতা গঢ়ি তুলিছে, এই প্ৰস্তাৱটো এটা আৰ্হি য’ত সম্পদ সম্পৰ্ক পৰিচালকে বেংক বিশেষজ্ঞসকলৰ সৈতে ঘনিষ্ঠভাৱে সহযোগিতা কৰি নিৰ্দিষ্ট বিনিয়োগ আৰু বেংকিং সমৰ্থন প্ৰদান কৰে।” ইউৰোমনীয়ে আৰু লিখিছে, “ডিজিটেল ক্ষেত্ৰত বেংকে শেহতীয়াকৈ স্মাৰ্টৱেলথ প্লেটফৰ্ম প্ৰৱৰ্তন কৰিছে, যিটো এটা বিনিয়োগ সেৱা যাৰ লক্ষ্য হৈছে গণ-ধনী খণ্ডলৈ কভাৰেজ সম্প্ৰসাৰণ কৰা। এই মোবাইল প্লেটফৰ্মে ক্লায়েণ্টসকলক পৰ্টফলিঅ’সমূহ অনুসৰণ কৰাৰ, বিনিয়োগসমূহ এক্সিকিউট কৰাৰ আৰু লক্ষ্যভিত্তিক বিনিয়োগৰ পৰামৰ্শসমূহ প্ৰৱেশ কৰাৰ ক্ষমতা প্ৰদান

Read More »
Sangbad Prahari

অসম বিশ্ববিদ্যালয়ত নাই বিহুৰ বন্ধ, অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া | Assam | Bihu | Asom Jatuya Parishad

গুৱাহাটী, ৯ এপ্ৰিল: অসম বিশ্ববিদ্যালয়ত ব’হাগ বিহুৰ বন্ধ নিদিয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে। আজি এক প্ৰেছবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘অসম চুক্তিৰ ফলশ্ৰুতিত প্ৰতিষ্ঠা লাভ কৰা অসম বিশ্ববিদ্যালয়ত ব’হাগ বিহুৰ বন্ধ নথকাটো দুৰ্ভাগ্যজনক। জাতীয় উৎসৱ আৰু জাতীয় আৱেগ ব’হাগ বিহুক লৈ অসম বিশ্ববিদ্যালয়ৰ এই উদাসীনতা কেৱল বিস্ময়কৰেই নহয়, লগতে চিন্তনীয়ও। বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমন্বয়ৰ বাহক হৈ অহা অসম বিশ্ববিদ্যালয়ত ব’হাগ বিহুৰ বন্ধ ঘোষণা নকৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অসমীয়া জাতিৰ স্বাভিমানক আঘাত কৰিছে।” উল্লেখযোগ‍্য যে যোৱা বছৰৰ ডিচেম্বৰ মাহত প্ৰকাশিত অসম বিশ্ববিদ্যালয়ৰ ২০২৫ চনৰ বাৰ্ষিক বন্ধৰ তালিকাৰ ১ ক্ৰমিক নম্বৰতে মকৰ সংক্ৰান্তি আৰু পোংগলৰ সৈতে মাঘ বিহুৰ এদিনীয়া বন্ধৰ কথা উল্লেখ কৰা হৈছে যদিও

Read More »
Sangbad Prahari

কয়াকুছি বজাৰত বিধংসী অগ্নিকাণ্ডঃ ৰহস্যজনক আখ্যা বিভিন্নজনৰ | Kayakuchi

  বৃহস্পতিবাৰে নিশা কয়াকুছি বজাৰত বিধ্বংসী অগ্নিকাণ্ডৰ ফলত প্ৰায় শতাধিক ব্যৱসায় প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। পুৱতি নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত কেইবা কোটি টকাৰ সা-সামগ্ৰীৰ ভস্মীভূত হয়। স্থানীয় ৰাইজৰ তৎপৰতা আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয় যদিও শতাধিক ব্যৱসায় প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। বছৰৰ দুবাৰকৈ কিয় কয়াকুছি বজাৰত বিধংসী অগ্নিকাণ্ড ঘটনা সংঘটিত হয় ইয়াকলৈ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে। আনহাতে কেইবাটাও কথা লক্ষ্য কৰি এই অগ্নিকাণ্ডক এক ৰহস্যজনক অগ্নিকাণ্ড বুলি উল্লেখ কৰে ৰাইজৰ দলৰ নেতা মনিৰুজ জামানে জিলা প্ৰশাসনৰ লগতে স্থানীয় বিধায়কলৈ প্ৰশ্ন উত্থাপন কৰি ঘটনাৰ দিনালৈকে ভাল থকা দমকলৰ হেণ্ডেল ভঙা, চি চি টি ভিৰ তাৰ কটা আদি প্ৰত্যক্ষ কৰি এই অগ্নিকাণ্ড পৰিকল্পিত আৰু ৰহসজনক বুলি ৰাইজৰ দলৰ

Read More »
Sangbad Prahari

গুৱাহাটী মহানগৰীত ৰমজান উপলক্ষে খাদ্য বিতৰণ | Rain Drops | Helping Centre, Assam

  এক ব্যতিক্ৰমী চিন্তাৰে কংক্ৰীটৰ মহানগৰী গুৱাহাটীৰ যুৱ সমাজকৰ্মী আবিদ আজাদৰ নেতৃত্বত আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সহযোগত চলি আছে এক মানৱীয় কাৰ্যসূচী । অসমৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ‘ৰেইনড্ৰপছ ইনিচিয়েটিভ’ৰ উদ্যোগত পৱিত্ৰ ৰমজান মাহ উপলক্ষে ৰোগীৰ সৈতে থকা নিকটাত্মীয়ক ইফতাৰ আৰু চেহেৰী যোগান ধাৰাবাহিক ভাৱে চলি আছে । অনুষ্ঠানটোৱে ইতিমধ্যে ক’ভিদ কালৰ জটিল সন্ধিক্ষণৰ পৰা বৰ্তমানলৈকে মানুহৰ মাজত আঢ়ৈ লাখৰো অধিক প্লেট খাদ্য যোগান ধৰিছে । ‘ৰেইনড্ৰপছ ইনিচিয়েটিভ’ নামৰ সংস্থাটোৱে ক’ভিদৰ পৰা আৰম্ভ কৰি ৰঙালী বিহুৰ লগতে অন্যান্য বিহু, পূজা-পাৰ্বন, ৰমাজান মাহ আৰু অন্যান্য দিনতো জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে খাদ্য বিতৰণ কৰি অহাৰ লগতে গোটেই অসমত বৃক্ষ ৰোপণ আৰু প্ৰতিপালন কাৰ্যসূচী চলাই গৈ আছে । উক্ত কাৰ্যসূচীত কালি বৰপেটা জিলাৰ

Read More »
Sangbad Prahari

আই পি এল : বৰ্ষাপাৰা ষ্টেডিয়ামত এয়াৰটেলৰ নেটৱৰ্ক শ্ৰীবৃদ্ধি | IPL | Airtel Network

গুৱাহাটী, ২২ মাৰ্চ, ২০২৫: চলিত ২০২৫ বৰ্ষৰ মাৰ্চ মাহৰ ২২ তাৰিখৰ পৰা হ’বলগীয়া সমাগত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) খেলৰ প্ৰস্তুতিৰ বাবে ভাৰতী এয়াৰটেলে বৰ্ষাপাৰা ষ্টেডিয়ামত ব্যাপক ব্যবস্থা গ্রহণ কৰিছে।এই ব্যবস্থাই খেলৰ সময়ত প্ৰায় ১০০,০০০ ক্রিকেট অনুৰাগীৰ প্ৰত্যাশিত ভিৰ হ’লেও এক নিৰৱচ্ছিন্ন নেটৱৰ্ক অব্যাহত থকাটো সুনিশ্চিত কৰিব। এয়াৰটেলে প্ৰয়োজনীয় সকলোবোৰ চেল চাইটৰ শ্ৰীবৃদ্ধি কৰিছে আৰু ষ্টেডিয়ামৰ সমীপত এটা অতিৰিক্ত টাৱাৰ তথা নাতিদূৰৈত এটা চেল অন হুইল্স (COW) স্হাপন কৰিছে।এই বৰ্ধিতকৰণে খেলসমূহত উপস্থিত থকা এয়াৰটেলৰ গ্রাহকৰ বাবে ভইচ আৰু ডাটা সংযোগ বহু বেছিকৈ উন্নত কৰিব।নেটৱৰ্ক শ্ৰীবৃদ্ধিকৰণৰ জৰিয়তে কৌশলগতভাবে প্ৰত্যাশিত অধিক সংখ্যক দৰ্শকক স্হান দিয়াৰ পৰিকল্পনা কৰা হৈছে। এই বিশেষ তৎপৰতাৰ বিষয়ত ভাৰতী এয়াৰটেলৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্য্যবাহী বিষয়া

Read More »
Sangbad Prahari

ভাৰতী এয়াৰটেলৰ বাৰ্ষিক গ্রাহক দিৱস উদযাপন Airtel Consumer Day

  ভাৰতী এয়াৰটেলে (এয়াৰটেল) বুধবাৰে বাৰ্ষিক গ্রাহক দিৱস উদযাপন কৰে। এয়াৰটেলৰ NESA ৰ ২,৪৪০+ কৰ্মচাৰীয়ে নিজৰ দৈনন্দিন ভূমিকাৰ পৰা ওল়াই আহি নিজৰ ফ্ৰণ্টলাইন সমকক্ষৰ সৈতে যোগদান কৰি গ্ৰাহকৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰে।

Read More »
Sangbad Prahari

কিহৰ এই সংঘাত… পুষ্পা প্ৰেম নে ৰাজনৈতিক সমীকৰণ!

  – মহিবুল মণ্ডল   পুষ্পা-২ মুভি’ৰ কথা চাগে সকলো জানেই। পুষ্পা ৰঙা চন্দনৰ ছিণ্ডিকেটৰ সভাপতি। বিধায়ক মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে..। সকলোকে ছিণ্ডিকেটৰ টকা দিয়ে পুষ্পাই। কিন্তু পুষ্পাই কোনোদিন মুখ্যমন্ত্ৰীক লগ পোৱা নাই। এদিন এজন মন্ত্ৰীয়ে পুষ্পাক লগ ধৰিলে মুখ্যমন্ত্ৰীৰ ওচৰলৈ। পুষ্পাৰ আনন্দৰ সীমা নাই। মুখ্যমন্ত্ৰীক লগ পাব!আনন্দতে পুষ্পাৰ পত্নীয়ে ক’লে,মুখ্যমন্ত্ৰীৰ লগত আপুনি এখন ফটো উঠি আহিব, সেইখন ঘৰত ডাঙৰকৈ বন্ধাই থ’ম। মানুহক ক’ম,চা মোৰ মানুহটো কিমান ডাঙৰ মানুহ,মুখ্যমন্ত্ৰীৰ লগত ফটো। কথামতেই মন্ত্ৰীৰ লগত পুষ্পা গৈ মুখ্যমন্ত্ৰীৰ অফিচ পালেগৈ। কথা বাৰ্তা সকলো হোৱাৰ পিচত, পুষ্পাই ক’লে, ছাৰ মই আপোনাৰ লগত এখন ফটো উঠো। মুখ্যমন্ত্ৰী জাঙুৰ খাই উঠিল। কি কথা ক’ব আহিছ, ছিণ্ডিকেটৰ সভাপতি-স্মাগলাৰ এটাৰ লগত মই ফটো উঠিম নেকি! মানুহে দেখিলে

Read More »
Sangbad Prahari

Topcem Cement | টপচেম চিমেন্টেৰ উদ্যোগত চকুৰ ছানি পৰা অস্ত্রোপচাৰ আৰু চকু পৰীক্ষা শিবিৰ

  গুৱাহাটী, ৩১ জানুৱাৰী, ২০২৫: উত্তৰ পূব ভাৰতৰ এক অগ্রনী চিমেন্ট ব্রেন্ড টপচেম চিমেন্টে তেওঁলোকৰ বিনামূলীয়া ৮ম সংখ্যক চকু ছানি পৰা অস্ত্রোপচাৰ আৰু চকু পৰীক্ষা শিবিৰ আয়োজন কৰে। এই ক্ষেত্রত আই ডাক্তর্চ-এন আই ক্লিনিক এণ্ড চাৰ্জাৰী চেন্টাৰ, গুৱাহাটী, সহযোগী হিচাপে আছে। এই পদক্ষেপে নূন্যতম সেৱাৰ পৰা বঞ্চিত জনসমুদায়ৰ লোকক সুলভ চকু যত্ন সেবা প্রদান কৰা, চকুৰ সুস্থ দৃষ্টিশক্তি বৃদ্ধি কৰা আৰু জীৱন যাপনৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত টপচেম চিমেন্টৰ প্রতিশ্রুতি সমৃদ্ধ কৰে। ২০২৫ চনৰ ১ ফেব্ৰুৱাৰী পৰা ১৫ টা দিনৰ ভিতৰতে এই বিশেষ শিবিৰে দৰঙ, ওদালগুৰি, বৰপেটা আৰু কামৰূপ জিলাত ব্যাপক গ্রামীণ চকু স্ক্রীনিং ব্যৱস্থা অনুষ্ঠিত কৰিব। বিশেষজ্ঞসকলে চকুৰ বিভিন্ন স্থিতিৰ প্রায় ২৫০ গৰাকী ৰোগীৰ পৰীক্ষা কৰিব, য’ত চকুৰ ছানি

Read More »
Sangbad Prahari

কমৰেড, অভিনেতা, অৱসৰপ্ৰাপ্ত শিক্ষক ছাহেদ আহমেদৰ মৃত্যু

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত সুহাবিল দলনী গাঁৱৰ স্থায়ী বাসিন্দা বিশিষ্ট সমাজসেৱক, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, অভিনেতা, ৰাজনীতিবিদ ছাহেদ আহমেদ আৰু নাই। শুকুৰবাৰে নিশা ১২-১০ বজাত আহমেদৰ পৰলোকপ্ৰাপ্তি ঘটে। প্ৰয়াত আহমেদে পালহাজী এল পি স্কুলৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ পিছত ৰাষ্ট্ৰভাষা(হিন্দী)ত বিশাৰদ পাছ কৰি সুহাবিল দলনী এম ই মাদ্ৰাছাত শিক্ষকতা জীৱনৰ আৰম্ভণি কৰে। বিষয় শিক্ষক হিচাপে পাঠদান কৰিছিল যদিও পিছলৈ প্ৰধান শিক্ষক হিচাপে ২০১২ চনত অৱসৰ গ্ৰহণ কৰে। ছাত্ৰ অৱস্থাৰ পৰাই বিভিন্ন খেল-ধেমালিৰ লগত জড়িত আছিল যদিও অভিনয়তহে বিশেষকৈ পাকৈত আছিল প্ৰয়াত ছাহেদ আহমেদে। স্কুলীয় অনুষ্ঠানৰ ওপৰিও বিভিন্ন স্থানৰ নাট প্ৰতিযোগিতাত অভিনয় কৰি নিজৰ অভিনয়ৰ দক্ষতা দাঙি ধৰিবলৈ সক্ষম হৈছিল।

Read More »
Sangbad Prahari

বাবৰ আলী মোল্লা এম ই মাদ্ৰাছাত মণ্ডল সমল কেন্দ্ৰ ভিত্তিক শিক্ষণ শিকণ সঁ‌জুলিৰ প্ৰদৰ্শনী

  হাউলীঃ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু নিপুণ অসম আঁ‌চনিৰ লগত সংগতি ৰাখি আজি ভৱানীপুৰ শিক্ষাখণ্ডৰ বানিয়াৰাপাৰা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বাবৰ আলী মোল্লা এম ই মাদ্ৰাছাত এখনি মণ্ডল সমল কেন্দ্ৰ ভিত্তিক শিক্ষণ শিকণ সঁ‌জুলিৰ প্ৰদৰ্শনী( TLM Exhibition) অনুষ্ঠিত হয়। অনুষ্ঠানখনিত মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বহুকেইখন বিদ্যালয়ে অংশ গ্ৰহণ কৰি তেওঁলোকে প্ৰস্তুত কৰা শিক্ষণ-শিকণ সঁ‌জুলিসমূহ প্ৰদৰ্শন কৰে। ৰাতিপুৱা এঘাৰ বজাৰ পৰা আৰম্ভ হোৱা উক্ত অনুষ্ঠানখনিত সমন্বয়কৰ ভূমিকাত উপস্থিত থাকে বাবৰ আলী মোল্লা এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক মোঃ আব্বাছ আলীয়ে। প্ৰতিযোগিতামূলকভাৱে অনুষ্ঠিত হোৱা উক্ত প্ৰদৰ্শনীত প্ৰথম স্থান অধিকাৰ কৰে বাবৰ আলী মোল্লা এম ই মাদ্ৰাছা, দ্বিতীয় স্থান অধিকাৰ কৰে ১৫০৬ নং পশ্চিম বানিয়াৰাপাৰা প্ৰাথমিক বিদ্যালয় আৰু তৃতীয় স্থানত থাকে পূৱ

Read More »