Weather Data Source: wetter Bangalore 14 tage

May 29, 2025 5:31 am

कृषि

কৃষি আইনৰ বিৰুদ্ধে কেজৰিৱালৰ প্ৰশ্ন উত্থাপন

কৃষি আইনক কেন্দ্ৰ কৰি কেজৰিৱাল আৰু অমৰিন্দৰ সিঙৰ মাজত তুমুল বাকযুদ্ধ কেন্দ্ৰীয় চৰকাৰে অলপতে অনা কৃষি আইনক কেন্দ্ৰ কৰি আম আদমী পাৰ্টি তথা দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙৰ বাকযুদ্ধই তুংগত উঠিছে।কৃষি আইনৰ বিৰুদ্ধে পঞ্জাৱ চৰকাৰে বিধানসভাত গৃহীত কৰা আইনৰ বৈধতা সন্দৰ্ভত কেজৰিৱালে প্ৰশ্ন উত্থাপন কৰাৰ বিপৰীতে অমৰিন্দৰ সিঙে এই প্ৰসংগত বিৰোধীয়ে দুমুখীয়া ভুমিকা গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে। সিঙে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে কেন্দ্ৰৰ কৃষি আইন কেইখন অকাৰ্যকৰী কৰাৰ বাবে বিধানসভাত গৃহীত কৰা বিধেয়ক কেইখনক সমৰ্থন জনাইছিল আকালী আৰু আপে, কিন্তু এতিয়া বাহিৰত বিৰোধিতা কৰি আছে।সিঙে কেজৰিৱালক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই তেওঁকো পঞ্জাৱৰ দৰে স্থিতি গ্ৰহণ কৰি কৃষকৰ হিতসাধন কৰিবলৈ কয়। সিঙৰ

Read More »

ধান ক্রয়ৰ নামত অসমৰ কৃষকক এফ চি আইৰ বঞ্চনা

গুৱাহাটী : গাঁঠিৰ ধন ব্যয় কৰি, বেংকৰ ঋণ লৈ খেতি কৰিও ধানৰ ন্যায্য মূল্য নাপায় অসমৰ কৃষকে৷ কৃষকক ধানৰ ন্যায্য মূল্য দিবৰ বাবে কৃষি বিপণন পৰিষদ আৰু ভাৰতীয় খাদ্য নিগমক ধান ক্রয় পশ্চিম কার্বি আংলঙত ভয়াৱহ পথ দুর্ঘটনা কৰিবলৈ বাধ্য কৰায়ো চৰকাৰ সফল হোৱা নাই৷ কালিৰ পৰা ভাৰতীয় খাদ্য নিগমে ধান ক্রয় কৰিবলৈ আৰম্ভ কৰিছে৷ এক ডিচেম্বৰৰ পৰা কার্যকৰী হোৱাকৈ ভাৰতীয় খাদ্য নিগমে ৰাজ্যখনত ৩২টা ধান ক্রয় কেন্দ্র স্থাপন কৰিছে৷ উক্ত কেন্দ্রৰ জৰিয়তে ৩১ মে’লৈ ধান ক্রয় কৰিব৷ কিন্তু প্রশ্ন হ’ল, খাদ্য নিগমে স্থাপন কৰা ক্রয় কেন্দ্রসমূহত ধান বিক্রী কৰি কৃষক উপকৃত হ’বনে? উল্লেখযোগ্য যে খাদ্য নিগমে অধিকসংখ্যক জিলাত মাত্র এটাকৈ ক্রয় কেন্দ্র স্থাপন কৰিছে৷ আমাৰ হাতত পৰা তথ্য অনুসৰি

Read More »

ধানখেতিত অচিন পোকৰ আক্ৰমণ : খেতিয়কৰ হাহাকাৰ পৰিস্থিতি

তামাৰহাট : কৃষক তথা কৃষিৰ উন্নতিৰ বাবে চৰকাৰে গ্ৰহণ কৰা কোনো আঁচনিয়ে ঢুকি নোপোৱাত এটাৰ পাছত এটা সমস্যাই জুৰুলা কৰিছে বৃহত্তৰ তামাৰহাট অঞ্চলৰ খেতিয়কক। কিন্তু এই ক্ষেত্ৰত নিৰ্লিপ্ত ভূমিকা পালন কৰি আহিছে বিভাগটোৱে। প্ৰথমে বৰষুণৰ অভাৱত খেতি পথাৰত চিৰাল ফাঁট, পাছত কিছু পৰিমানে বৰষুণ হ’ল যদিও শেহতীয়াকৈ আন এক অচিন পোকে আক্ৰমন কৰিলে ধাননি খেতিত। জানিব পৰা মতে, ধুবুৰী জিলাৰ গোলোকগঞ্জ ৰাজহ চক্ৰৰ অন্তৰ্গত হৰিপুৰ অঞ্চলত শ শ বিঘা খেতি পথাৰত এক অচিন তথা ভয়ংকৰ পোকৰ আক্ৰমনত ধান খেতি নষ্ট হোৱাৰ উপক্ৰম হৈছে। এই ক্ষেত্ৰত চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপিত হৈছে। খেতিয়কসকলে ব্যক্তিগতভাৱে বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিছে যদিও পোক বিধ ধান গছৰ

Read More »

ৰাষ্ট্ৰীয় পুৰষ্কাৰৰ বাবে বাছনি বঙাইগাঁৱৰ কৃষক গাজিউৰ ৰহমান

চিৰাং ব্যুৰ’ : জগজীৱন ৰাম অভিনৱ কিষাণ পুৰষ্কাৰ-২০১৭ৰ ৰষ্ট্ৰীয় পৰ্য্যায়ৰ ১২ জনীয়া তালিকাত স্থান পাইছে বঙাইগাঁৱৰ কৃষক গাজিউৰ ৰহমান৷ উল্লেখ্য যে জগজীৱন ৰাম অভিনৱ কিষাণ পুৰষ্কাৰ-২০১৭ৰ ৰষ্ট্ৰীয় পৰ্য্যায়ৰ এই তালিকা কেন্দ্ৰীয় চৰকাৰে শনিববাৰে প্ৰকাশ কৰে৷ উক্ত তালিকাত স্থান পাইছে বঙাইগাঁও জিলাৰ ডোমপাৰা (পুণ্ডীবাৰী) গাঁৱৰ কৃষক গাজীউৰ ৰহমান। ৰাষ্ট্ৰীয় পুৰষ্কাৰৰ তালিকাত ৮ নম্বৰ স্থানত জিলিকিছে অসমৰ কৃষকজন। অসমত প্ৰথমবাৰৰ বাবে থাইলেণ্ড বগৰিৰ খেতি আৰম্ভ কৰা এইজন কৃষকে বিভিন্ন ধৰণৰ কৃষি কৰ্মত জড়িত হৈ জিলা তথা ৰাজ্যিক পৰ্য্যায়ৰ কেবাটাও পুৰষ্কাৰ বুটলিবলৈ সক্ষম হৈছে। ২০১৩ চনত বঙাইগাঁও জিলা ভিত্তিত পুৰষ্কাৰ লাভ কৰাৰ লগতে ২০১৭ চনত ৰাজ্যিক পুৰষ্কাৰ লাভ কৰে তেওঁ। ইয়াৰোপৰি ২০১৮ চনত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ পুৰষ্কাৰ লাভ কৰাৰ পিছতে এইবাৰ অসমৰ হৈ

Read More »

কৃষি বিভাগৰ চৰম হেমাহি : তিতাবৰত কলমৌৰ বাবে উদং বৃহৎ কৃষিভূমি

তিতাবৰ : তিতাবৰ ঐতিহাসিক খাট পথাৰৰ প্ৰায় ৩০০ পুৰা জোৰা কৃষিভূমিত অপতৃণ স্বৰূপ কলমৌয়ে স্থানীয় কৃষক ৰাইজলৈ চৰম দুৰ্যোগ কঢ়িয়াই আনিছে। অঞ্চলটোত ক্ৰমাৎ বংশ বৃদ্ধি হোৱা অতিকৈ ভয়ানক এই কলমৌয়ে বৃহত্তৰ অঞ্চলটোৰ কাষেদি পাৰ হৈ যোৱা কাছজান নদীৰ বোৱতী পানী চলাচলত তীব্ৰ বাধাৰ সৃষ্টি কৰিছে। ফলশ্ৰুতিত বিগত প্ৰায় ২০ বছৰ কাল অঞ্চলটোৰ কৃষিজীৱী ৰাইজে নিজৰ মাটি কেইডৰাত খেতি-বাতি কৰিব পৰা নাই৷ শাওণ মহীয়া সময়ছোৱাত কৃষি কৰ্মৰ এই উপযুক্ত সময়ত ঐতিহাসিক খাট পথাৰৰ কৃষকে উদং মাটি কেইডৰালৈ চাই কেৱল হাত সাৱটি থাকিব লগা হৈছে। ইপিনে উক্ত অপতৃণস্বৰূপ তথা পানী নিষ্কাষণত ভয়াবহ ৰূপত বাধাৰ সৃষ্টি কৰা কলমৌ নিৰ্মূলৰ বাবে অঞ্চলবাসীয়ে অসম চৰকাৰৰ পূৰ্বৰ কেইবাজনো কৃষিমন্ত্ৰী তথা কৃষি বিভাগৰ ওচৰত বহুবাৰ জৰীপ চাহ

Read More »

চৰকাৰী বীজেৰে খেতি কৰি সৰ্বস্বান্ত কৃষক, শ শ বিঘা মাটিত কেৱল পতান

নলবাৰী : নলবাৰী জিলাৰ বৰক্ষেত্ৰীত ৰাজ্য চৰকাৰৰ কৃষি বিভাগে যোগান ধৰা ধানৰ বীজেৰে খেতি কৰি মূৰে কপালে হাত দিছে কৃষকে। গাঁঠিৰ ধন খৰচ কৰি হাড়-ভঙা পৰিশ্ৰমেৰে কপালৰ ঘাম মাটিত পেলাই বেংকৰ লগতে অন্যান্য খণ্ডৰ পৰা ঋণ লৈ খেতি কৰিছিল দৰিদ্ৰ কৃষকে। প্ৰতিকূল বতৰক নেওচি কৃষকে অধিক মূল্যত ডিজেল কিনি চেল’ পাম্পৰ জৰিয়তে খেতি পথাৰত পানী যোগান ধৰি হাড়-ভঙা পৰিশ্ৰম কৰিছিল। আশা কৰিছিল উত্‍পাদিত ফচলৰ কিছু বিক্ৰী কৰি বেংকৰ লগতে অন্যান্য খণ্ডৰ পৰা লোৱা ঋণ পৰিশোধ কৰিব। কিন্তু ভৰপক হোৱা খেতিৰ ধান কাটিবলৈ গৈ দেখে যে, খেতিডৰাত ধানৰ সলনি কেৱল পতান। বৃহত্তৰ বৰক্ষেত্ৰীৰ নাৰায়ণপুৰ, বৰলীয়াপাৰ, শনিৰোড, চৰাঞ্চলকে ধৰি বিভিন্ন গাঁৱৰ শ শ বিঘা মাটিত ধানৰ পৰিৱৰ্তে কেৱল পতান দেখি হতাশাত ভাগি

Read More »