Weather Data Source: wetter Bangalore 14 tage

May 29, 2025 5:48 am

कला और संस्कृति

লোকশিল্পী মঘাই ওজাৰ পালি তুলসী ওজাৰ দেহাৱসান

হেৰাই গ’ল এটা ঢোলৰ চাপৰ অসমীয়া লোক সংস্কৃতিৰ সাধক তথা লোকশিল্পী মঘাই ওজাৰ পালি তুলসী ওজা আৰু নাই ।  ঢোলৰ যাদুৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মোহাচ্ছন্ন কৰি ৰখা অসমীয়া লোক সংস্কৃতিক বিশ্বজনীন কৰা প্ৰয়াসৰ বাবে এইজনা লোক শিল্পীক ২০০৮ চনত প্ৰতিমা পাণ্ডে বৰুৱা বঁটাৰে সন্মানিত কৰিছিল । ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ভালুকমৰা গাঁৱৰ এইজনা শিল্পীয়ে কেৰেলা, হায়দৰাবাদ,কলকতা আদি ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ঢোল বাদ্যৰে অসমীয়া সংস্কৃতিক চিনাকি কৰি দিবলৈ সক্ষম হৈছিল । তেনে এজন লোক সংস্কৃতিৰ সাধক তুলসী ওজাৰ মৃত্যু এক অপূৰণীয় ক্ষতি অসমৰ বাবে ।

Read More »

প্ৰতিমাৰ সলনি 3D ফটোৰে দুৰ্গা দেৱীক উপাসনা,

 মৃন্ময় প্ৰতিমা নহয়, 3D ফটোৰে দুৰ্গা দেৱীক উপাসনা, পিছে ক’ত? অব্যাহত আছে কোৰোণাৰ সংক্ৰমণ। আগতকৈ কিছু পৰিস্থিতি স্বাভাৱিক হৈছে যদিও এইবাৰ বহু নীতি-নিয়মৰ মাজেৰে উদযাপন কৰিব লাগিব শাৰদীয় দুৰ্গা পূজা। অব্যাহত আছে কোৰোণাৰ সংক্ৰমণ। আগতকৈ কিছু পৰিস্থিতি স্বাভাৱিক হৈছে যদিও এইবাৰ বহু নীতি-নিয়মৰ মাজেৰে উদযাপন কৰিব লাগিব শাৰদীয় দুৰ্গা পূজা। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে জাৰি কৰিছে বহু নীতি-নিৰ্দেশনা। ইফালে দেশৰ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰ নাই আগৰ দৰে পূজাৰ উচাহ। কেৱল মাত্ৰ পৰম্পৰাগত নিয়ম নীতিৰ মাজেৰেই এইবাৰ সম্পন্ন হ’ব পূজা। এইবাৰৰ দুৰ্গা পূজাত দেখা নাযাব বৃহৎ বৃহৎ চকুত লগা মণ্ডপ। বহু পূজা মণ্ডপত এইবাৰ দেখা যাব মাত্ৰ দুই-তিনি ফুট উচ্চতাৰ প্ৰতিমা। লগতে বহু পূজা মণ্ডপত এইবাৰ হ’ব কেৱল ‘ঘট পূজা’।

Read More »

কলকাতা উচ্চ ন্য়ায়ালয়ে ৰাজ্যৰ সকলো পূজা পেণ্ডেলত দৰ্শনাৰ্থীসকলক প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে

 কলকাতাৰ পূজা পেণ্ডেলসমূহক ‘ন’ এন্ট্ৰী’ জ’ন ঘোষণাৰ নিৰ্দেশ কলকাতা: কলকাতা উচ্চ ন্য়ায়ালয়ে ৰাজ্যৰ সকলো পূজা পেণ্ডেলত দৰ্শনাৰ্থীসকলক প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে৷ উচ্চ ন্য়ায়ালয়খনে জৰুৰী পৰিস্থিতিত পূজা পতাৰ অনুমতি দিয়াটো অনুমোদিত হয় নে নহয় তাৰ ওপৰত এটা কেছ দাখিল কৰিছে। সেই ক্ষেত্ৰত, উচ্চ আদালতে সোমবাৰে ৰাজ্যৰ সকলো পূজা পেণ্ডেলক ‘ন’ এনট্ৰী জ’ন’ হিচাপে ঘোষণা কৰিবলৈ আদেশ দিয়ে। আদালতৰ নিৰ্দেশ কেনেদৰে পালন হৈছিল তাৰ হিচাপ লক্ষ্মীপূজাৰ পাছত ৰাজ্যই আদালতক অৱগত কৰিব লাগিব। আদালতে ৰাজ্যৰ ডিজিপি আৰু কলকাতা আৰক্ষী আয়ুক্তক ৫ নৱেম্বৰৰ ভিতৰত এজাহাৰ দাখিল কৰিবলৈ আদেশ প্ৰদান কৰিছে। অধিবক্তা জেনেৰেল কিশোৰ দত্ত আৰু প্ৰেছিভ উকীল ক্ৰমে বিকাশ ৰঞ্জন ভট্টাচাৰ্যক চৰকাৰে এই গোচৰটো গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছিল। দুয়োপক্ষৰ প্ৰশ্নৰ শুনানি গ্ৰহণ কৰাৰ

Read More »

দূৰ্গা পুজা পতাত কোনো বাধা নাই ! কিন্তু কি কি নিয়ম পালন কৰিব লাগিব

গুৱাহাটী: দূৰ্গা পুজা পতাত কোনো বাধা নাই । প্ৰশাসনৰ অনুমতি লৈ পাতিব পাৰিব পুজা । বন্ধ পণ্ডেলত নহয় খোলা পেণ্ডেল হব লাগিব । সংবাদমেল যোগে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ । মাস্ক আৰু ছেনিটাইজাৰ ব্যৱহাৰ বাধ্যতামূলক ।দূৰ্গা পূজাৰ পুৰোহিত,স্বেচ্ছাসেৱক, পূজা কমিটিৰ সকলো লোকে পঞ্চমীত কৰিব লাগিব কোৰোনা টেষ্ট।প্ৰতিমা বিসৰ্জনৰ পিছত দ্বিতীয়টো কোভিড টেষ্ট কৰা বাধ্যতামূলক ।নিশা ১০ বজাৰ পিছত বন্ধ কৰিব লাগিব পূজা মণ্ডব ।পূজাৰ দিনকেইটাত মটৰচাইকেলত দুজন পুৰুষ আৰোহী উঠাত বাধা ।সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব কিন্তু আৰতি অনুষ্ঠান উদযাপন কৰিব পাৰিব ।পেণ্ডেলত একে সময়তে ৫০ জনতকৈ অধিক ব্যক্তি থাকিব নোৱাৰিব ।হোটেল ৰেষ্টুৰেণ্ট নিশা ৯ বজাত বন্ধ কৰিব লাগিব ।বিসৰ্জনৰ সময়ত দেবী প্ৰতিমাৰ সৈতে সমদল কৰিব নোৱাৰিব ।দুই তিনি দিনলৈ

Read More »

হস্তীৰ কন্যা প্ৰতিমা পাণ্ডেৰ জন্মদিন পালন ৰাজ্যজুৰি

কোকৰাঝাৰ : ‘হস্তীৰ কন্যা’ পদ্মশ্ৰী সন্মানপ্ৰাপক প্ৰতিমা বৰুৱা পাণ্ডেৰ ৮৬সংখ্যক জয়ন্তী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে৷ অবিভক্ত গোৱালপাৰা জিলাৰ অনুপম সংস্কৃতিক উপাদান গোৱালপৰীয়া লোকগীতক বিশ্ব দৰবাৰলৈ লৈ যোৱাত এক বিশেষ ভূমিকা পালন কৰিছিল প্ৰতিমা বৰুৱা পাণ্ডেই৷ লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডৰ জন্ম হৈছিল ধুবুৰী জিলাৰ গৌৰিপুৰৰ ৰাজ পৰিয়ালত ১৯৩৫ৰ আজিৰ দিনটোতে৷ গোৱালপৰীয়া লোকগীতক এক অনন্য মাত্ৰা প্ৰদান কৰা তথা ব্যাপক বিস্তৃতি দিয়া প্ৰতিমা বৰুৱা পাণ্ডেই ১৯৯১ চনত ‘পদ্মশ্ৰী’ আৰু ১৯৮৮ চনত ‘সংগীত নাটক একাডেমী’ পুৰষ্কাৰেৰে বিভূষিত হয়। গৌৰীপুৰৰ ৰাজপৰিয়ালৰ প্ৰখ্যাত হাতী বিশেষজ্ঞ প্ৰকৃতীশ চন্দ্ৰ বৰুৱাৰ কন্যা আৰু ভাৰতীয় চিনেমাৰ পিতামহ ‘দেৱদাস’ খ্যাত চলচ্চিত্ৰৰ পৰিচালক প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ ভতিজী আছিল প্ৰতিমা বৰুৱা পাণ্ডে। তেওঁ ৰেকৰ্ড কৰা গীতৰ সংখ্যা ৩২০টা৷

Read More »

আদিল হুছেইনলৈ আগবঢ়োৱা হৈছে বিশেষ সন্মান

 বাৰ্লিনৰ চলচ্চিত্ৰ সপ্তাহত আদিল হুছেইনলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান গুৱাহাটী: প্ৰখ্যাত অভিনেতা তথা অসম সন্তান আদিল হুছেইনলৈ আগবঢ়োৱা হৈছে বিশেষ সন্মান৷ বাৰ্লিনত চলি থকা ইণ্ডো-জাৰ্মান ফিল্ম উইকত ‘পৰীক্ষা’ ছবিত কৰা অভিনয়ৰ বাবে তেওঁলৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হৈছে৷ বুধবাৰে নিশা অভিনেজনে টুইটাৰযোগে সদৰী কৰে এই কথা৷ তেওঁ বাৰ্তাটোত কয়, ‘কালিনিশা বাৰ্লিনৰ ইণ্ডো-জাৰ্মান ফিল্ম উইক’ত ‘পৰীক্ষা’ ছবিৰ বুচ্চি পাছোৱান’ চৰিত্ৰত অভিনয় কৰাৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰি মই শিহৰিত হৈছোঁ৷এই স্বীকৃতিৰ বাবে ধন্যবাদ৷ মই এই বঁটা প্ৰকাশ ঝা আৰু ছবিখনৰ সৈতে জড়িত আটাইৰে সৈতে ভগাই লৈছোঁ৷’

Read More »

মাণিকপুৰত বিষ্ণু প্ৰসাদ ৰাভা দিৱস পালনঃ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

মাণিকপুৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰ পেক্ষাগৃহত নতুন সাহিত্য পৰিষদৰ মাণিকপুৰ আঞ্চলিক সমিতি আৰু এছ এফ আইৰ মাণিকপুৰ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত বুধবাৰে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উলহ-মালহেৰে উদযাপন কৰে। কাৰ্যসূচী অনুসৰি ৰাভাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক সদস্য শৈলেন ৰায়ে। গণনাট্য সংঘৰ শিল্পীসকলে ৰাভাৰ কালজয়ী গীত পৰিৱেশন কৰি উপস্থিত ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীক আপ্লুত কৰে। নতুন সাহিত্য পৰিষদৰ আঞ্চলিক সভাপতি আনন্দ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা চক্ৰ আৰু কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠানত উদেশ্য ব্যাখ্যা কৰে নতুন সাহিত্য পৰিষদৰ আঞ্চলিক সম্পাদক ৰাজেন ৰায়ে। আলোচনক অৱসৰপ্ৰাপ্ত শিক্ষাবিদ প্ৰদীপ কুমাৰ শৰ্মাই ৰাভাৰ জীৱনত সমাজৰ প্ৰতি কৰি থৈ যোৱা অৱদানৰ বিষয়ে সংক্ষিপ্ত আলোচনা কৰে। আনহাতে একে অনুষ্ঠানতে সদ্যঘোষ্ত হাইস্কুল-হাইমাদ্ৰাছা শিক্ষানু্ত আৰু উচ্চতৰ মাধ্যমিক

Read More »