Weather Data Source: wetter Bangalore 14 tage

May 29, 2025 5:19 am

प्रतियोगिता

‘সংবাদ প্ৰহৰী’ কবিতা আবৃত্তি প্ৰতিযোগিতা

স্ব-ৰচিত কবিতা প্ৰতিযোগিতাই বিশেষ সহাঁৰি লাভ কৰাৰ পিছত এইবাৰ ‘সংবাদ প্ৰহৰী’ৰ সাহিত্য শিতানে আগবঢ়াইছে- *কবিতা আবৃত্তি প্ৰতিযোগিতা* প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ ======================== ১৷ এগৰাকী প্ৰতিযোগীয়ে এটি কবিতা আবৃত্তিৰ ভিডিঅ’ প্ৰস্তুত কৰি প্ৰেৰণ কৰিব পাৰিব৷ (আবৃত্তিকাৰ হে প্ৰতিযোগী হিচাপে বিবেচিত হ’ব) ২৷ কবিতাটি অসমীয়া ভাষাৰ হ’ব লাগিব আৰু কবিতাসমূহৰ বাবে কোনো নিৰ্দিষ্ট বিষয়বস্তু বাছি দিয়া হোৱা নাই৷ ৩৷ কবিতা আবৃত্তিৰ ভিডিঅ’টি উন্নতমানৰ হোৱাৰ লগতে ইউনিক মিউজিক আৰু ফুটেজ তথা দৃশ্য (Unique Music & Footage) ব্যৱহাৰ কৰিব লাগিব৷ (কপি কৰা মিউজিক/ফুটেজ হলে বা কপিৰাইট (Copyright Claim) বুলি ধৰা পৰিলে প্ৰতিযোগিতাৰ পৰা বাতিল কৰা হ’ব) ৪৷ প্ৰেৰণ কৰা কবিতা আবৃত্তিৰ ভিটিঅ’টি পূৰ্বতে ফেচবুক বা ইউ টিউবত আপলোড কৰা হ’লেও প্ৰতিযোগিতাৰ পৰা বাতিল কৰা হ’ব৷ অৰ্থাৎ

Read More »

দেশপ্রেন মূলক গীত পৰিৱেশন কৰি উজলি উঠিল মাফুজা ইয়াছমিন

বৰপেটাৰোড : ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশপ্রেন মূলক গীত পৰিৱেশন কৰি উজলি উছিল শিশুশিল্পী মাফুজা ইয়াছমিন৷ বৰপেটা জিলাৰ অন্তৰ্গত বাণিজ্যনগৰী বৰপেটাৰোড সমীপৰ বিলাসীপাৰা গাঁৱৰ ইদ্রীছ আলী আৰু মাছুমা হকৰ সাত বছৰীয়া কন্যা মাফুজা ইয়াছমিন৷  উল্লেখ্য যে ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৰপেটা জিলা প্ৰশাসনে দেশভক্তিমূলক গীত পৰিৱেশনৰ এক প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল৷ উক্ত প্ৰতিযোগিতাত শিশুশিল্পী মাফুজা ইয়াছিমে দ্বিতীয় স্থান দখল কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে৷ সমগ্ৰ দেশৰ লগতে বৰপেটা জিলা প্ৰশাসনেও সদৰ বৰপেটা আয়োজন কৰা ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মাফুজাক পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰে৷ মাছুমাৰ এই সফলতাত অঞ্চলবাসীৰ লগতে তেওঁৰ পৰিয়াল স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰে৷ ইপিনে মাফুজাই এই সন্মান লাভ কৰি পৰৱৰ্তী সময়ত আৰু অধিক

Read More »

‘আঁক-বাক’ প্ৰকাশনৰ গ্ৰন্থবিষয়ক প্ৰবন্ধ প্ৰতিযোগিতাৰ আয়োজন

গুৱাহাটী : ৰাজ্যখনৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী ‘আঁক-বাক’ প্ৰকাশনে এক প্ৰৱন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷ প্ৰকাশন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা বিশিষ্ট লেখক, সাহিত্যিক সৌমিত্ৰ যোগীজানিবলৈ দিয়া মতে, দিনে দিনে অসমীয়া গ্ৰন্থ উদ্যোগটোলৈ অহা প্ৰত্যাহ্বানবোৰৰ প্ৰতিৰোধ গঢ়ি তোলাৰ মানসেৰে কিতাপৰ বিষয়ে ইতিবাচক কথা চিন্তা কৰিবলৈ প্ৰথম পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলক উদগনি যোগোৱাৰ লক্ষ্যৰে ‘আঁক-বাক’ প্ৰকাশনে এই প্ৰবন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীৰ মাজত পঠন অভ্যাস গঢ়া তথা বৃদ্ধিৰ লক্ষ্যৰে ‘আঁক-বাক’ প্ৰকাশনে গ্ৰন্থবিষয়ক এই প্ৰবন্ধৰ প্ৰতিযোগিতাৰ প্ৰবন্ধৰ বিষয় হৈছে – “কিতাপে আমাক কি দিয়ে” দুটা শাখাত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত দুয়োগৰাকী প্ৰবন্ধকাৰলৈ ১০ হেজাৰ টকাকৈ আগবঢ়োৱাৰ লগতে দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত প্ৰবন্ধকাৰ ছাত্ৰ-ছাত্ৰীসকলক ক্ৰমে ৫ আৰু ৩ হেজাৰকৈ টকা বঁটা হিচাপে আগবঢ়োৱা হ’ব। তদুপৰি

Read More »