তলি উদং ! শিক্ষামন্ত্ৰীৰ চিঠি আৰু এইমছৰ শিক্ষাৰ্থী সকলে ৰাস্তাত অনুদান বিচৰাটো কিহৰ ইংগিত ?
যিকোনো এজন ব্যক্তি, এখন ৰাজ্য বা এখন দেশ চলিবলৈ ধনৰ প্ৰয়োজন। এই ধন নিজৰ উপাৰ্জনৰ পৰা আহিব পাৰে নতুবা আন কাৰোবাৰ পৰা অনুদান তথা ঋণ হিচাপে আহিব পাৰে। আত্ম নিৰ্ভৰশীল ব্যক্তি বা ৰাজ্যই আনৰ আগত হাত পাতিবলগীয়া নহয়। কিন্তু উপাৰ্জনৰ তুলনাত ব্যয় অধিক হ’লে ব্যয় সংকোচন কৰাটো আৱশ্যকীয় হৈ পৰে। ব্যয় সংকোচন কৰিব নোৱাৰিলে দুটাই পথ থাকে, হয় দেউলীয়া হ’ব লাগিব, নতুবা আনৰ আগৰ হাত পাতিব লাগিব। যি সময়ত দিল্লীৰ শিক্ষা ব্যৱস্থাক লৈ বিশ্বৰ আগশাৰী বাতৰি কাকত দি নিউৱাৰ্ক টাইমচে প্ৰশংসাৰে উপচাই পেলাইছে সেই সময়ত আমাৰ ৰাজ্য চৰকাৰে এখন পত্ৰৰ জৰিয়তে এক প্ৰকাৰৰ ‘চান্দা’ তোলাৰ বাবে আহ্বান জনায় বিধায়কসকলক । এয়া আচলতে চৰকাৰৰ যে তলি উদং হৈছে সেয়া তাৰেই প্ৰমাণ