Miyan Meseum || মিঞা মিউজিয়াম বনাম মিঞাৰ প্ৰয়োজনীয়তা আৰু মুছলিম ব্ৰাহ্মণ্যবাদ || Mohibul Mondal
✍ মহিবুল মণ্ডল ফোন নং – +91 99546 16790 নিজকে অসমীয়া বুলি ঘোষণা কৰা পূৰ্ববংগীয় লোকসকলকলৈ বিভিন্ন ৰাজনৈতিক মতাদৰ্শৰ ৰাজনৈতিক দলে কেৱল ৰাজনীতিহে কৰি আহিছে। তেওঁলোকৰ সৰ্বাঙ্গীন আৰ্থ-সামাজিক উত্তৰণৰ বিষয়ে কেতিয়াও নাভাৱিলে।এই অজুহাততেই ‘মিঞা জনগোষ্ঠী’ নামৰ নোহোৱা নোপোজা এটা কৃত্ৰিম জনগোষ্ঠীৰ জন্ম লৈছে। মিঞা বুলি যি সময়ত কোনো জনগোষ্ঠীয়ে অসম কিয় সমগ্ৰ বিশ্বতে পাবলৈ নাই নামবিহীন লাঞ্চিত, বঞ্চিত, অৱহেলিত কলংকিত জনগোষ্ঠীৰ অভিভাৱক বুলি ভৱা অসম মিঞা (অসমীয়া) পৰিষদ নামৰ সংগঠনে যোৱা ২৩ অক্টোবৰত গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ডাপকাৰভিটাত “মিঞা সংগ্ৰহালয়”উদ্বোধন কৰিছে। ইয়াক কেন্দ্ৰ কৰি সম্প্ৰতি ৰাজ্যখনত চলিছে বহু বিতৰ্ক তথা সাম্প্ৰদায়িক ৰাজনীতিৰ মহাৰণ। আজিৰ এই লাঞ্চিত, বঞ্চিত, অৱহেলিত কলংকিত জাতিক সময়ৰ সোঁতত বিভিন্ন জনে বিভিন্ন নামকৰণেৰে পূৰ্ব-বংগীয় লোকসকলক সম্বোধন কৰি আহিছে৷