Weather Data Source: wetter Bangalore 14 tage

May 29, 2025 5:34 am

ऑनर्स-बाल्टा

“অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ, অসম”ৰ প্ৰথম বর্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

২০২১ চনৰ ছেপ্টেম্বৰ মাহত ফেচবুকৰ মজিয়াত আত্মপ্ৰকাশ কৰা “অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ : অসম” নামৰ ফেচবুক গোটটোৰ প্ৰথম বর্ষপূৰ্তি অনুষ্ঠানটো নগাঁও জিলাৰ অসম সাহিত্য সভাৰ প্ৰেক্ষাগৃহত যোৱা ২৫ ছেপ্টেম্বৰ ২০২২ তাৰিখ দেওবাৰে অনুষ্ঠিত হৈ যায়।  উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বিআংলং জিলা সাহিত্য সভাৰ সভাপতি সভাৰাম বৰা ডাঙৰীয়াই। অতিথি হিচাপে উপস্থিত থাকে বটদ্ৰবা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তথা লেখক ডঃ ত্ৰিদীপ গোস্বামী ডাঙৰীয়া, লেখক সমালোচক বিপুল শৰ্মা ডাঙৰীয়া আৰু টাইম এইট চেনেলৰ সম্পাদক নেত্রজিত বৰা ডাঙৰীয়া। অনুষ্ঠানটো সঞ্চালনা কৰে লেখক-সমালোচক মুকুট শৰ্মাই ডাঙৰীয়াই। হিমাংশু পাঠকে ঘোষক হিচাপে সঞ্চালকক অনুষ্ঠান পৰিচালনা কৰাত সহায় কৰে।  এই অনুষ্ঠানতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় আশী গৰাকী কবিয়ে

Read More »

লেখিকা,সমাজ সেবিকা,মানব অধিকাৰ কৰ্মী দীপা বৰা দত্ত

গুৱাহাটী : সৰুৰে পৰাই সমাজৰ কাৰণে কিবা এটা কৰাৰ সপোন আছিল। সেয়ে ডিপ্ল’মা ইঞ্জিনিয়াৰ হৈও সমাজৰ কাৰণে কাম কৰাৰ সুবিধা লাভ কৰি বৃহত্তৰ হাতীগাও শাখা লেখিকা সংস্থা সৃষ্টিৰে বহু মহিলাৰ হাতত কলম তুলি দিয়াৰ চেষ্টা কৰে৷ অৰ্ধ আইনী সেচ্ছাসেবক হিচাপে সমাজৰ বহু লাঞ্ছিত-নিপীড়িত মানুহক বিনামূলীয়া আইনী আগবঢ়াই আহিছে।  লক ডাউনৰ সময়তো দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য কাপোৰ কানি আদি বিলোৱাকে আদি কৰি সেইসকলক নিজৰ নিজৰ গৃহলৈ উভতি যোবাতো সহায় আগবঢ়াইছিল। এই ধৰনৰ কামৰ কাৰনেই ভাৰত তিব্বত সহযোগ মঞ্চৰ দ্ধাৰা কৰ’না যোদ্ধাৰ সন্মান পাবলৈ সক্ষম হয়।আৰাধনা নামৰ এটা মহিলা অনুষ্ঠানত প্ৰায় ১৬০ গৰাকী মহিলালৈ অসমৰ ভিতৰত প্ৰথম মহিলাৰ দ্ধাৰা ঘৰে ঘৰে জাৱৰ উঠোবা কাম ল’বলৈ সক্ষম হয়। নাগৰিক কমিটিকে আদি কৰি বহুতো

Read More »

অজয় কুমাৰ চৌধুৰীৰ মানৱ অধিকাৰত স্নাতকোত্তৰ ডিপ্ল’মা

বৰপটোৰোড : বৰপেটা জিলাৰ বাণিজ্য নগৰী বৰপেটাৰোডৰ চন্দনপুৰৰ বাসিন্দা অজয় কুমাৰ চৌধুৰীয়ে মানৱ অধিকাৰত স্নাতকোত্তৰ ডিপ্ল’মা লাভ কৰিবলৈ সক্ষম হয়৷ নতুন দিল্লীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ হিউমেন ৰাইট্‌চ নামৰ শিক্ষা প্ৰতিষ্ঠানটোৰ পৰা অজয় কুমাৰ চৌধুৰীয়ে দুবছৰীয়া পাঠ্যক্ৰমত ৭২.৫ শতাংশ নম্বৰেৰে প্ৰথম বিভাগত স্নাতকোত্তৰ ডিপ্ল’মা অৰ্জন কৰে৷ অজয় কুমাৰ চৌধুৰী অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ অধীনস্থ বৰপেটাৰোড পৌৰসভাৰ সদ্য অৱসৰপ্ৰাপ্ত গাণনিক বিষয়া হোৱাৰ লগতে দ্য বৰপেটাৰোড ক্লাৱৰ প্ৰাক্তন সাধাৰণ সম্পাদক, মানাহপৰীয়া প্ৰেছ গীল্ডৰ উপদেষ্টা, সংবাদ প্ৰহৰীৰ প্ৰাক্তন মুখ্য সম্পাদককে ধৰি বিভিন্ন সামাজিক কামতো জড়িত এগৰাকী মানৱ অধিকাৰ কৰ্মী৷  

Read More »

সংবাদ প্ৰহৰীৰ সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

জ্যেষ্ঠ সাংবাদিক স্নিগ্ধাশিখা বৰালৈ সংবাদ প্ৰহৰী বঁটা গুৱাহাটী : ডিজিটেল যুগত বিকল্প মিডিয়াৰ চিন্তাধাৰাৰে অসমীয়া ভাষাত অতন্দ্ৰ প্ৰহৰী হিচাপে কাম কৰি অহা সংবাদ প্ৰহৰীয়ে অষ্টম বৰ্ষত ভৰি দিয়ে৷ ছপা মাধ্যমৰ পৰা আৰম্ভ কৰি সম্প্ৰতি ৱেব পৰ্টেল বা ৱেব মিডিয়া হিচাপে সংবাদ প্ৰহৰীয়ে এই যাত্ৰাৰ লগত সংগতি ৰাখি আজি সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰে৷ ক’ভিডসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি হাতীগাঁওস্থিত কাৰ্যালয়ত অনুষ্টুপীয়াকৈ আয়োজন কৰা অনুষ্ঠানত এইবেলি ডি ৱাই ৩৬৫ৰ জ্যেষ্ঠ সাংবাদিক স্নিগ্ধাশিখা বৰালৈ ২০২২ বৰ্ষৰ ‘সংবাদ প্ৰহৰী বঁটা’ আগবঢ়োৱা হয়৷ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকে পৰিচালনা কৰা অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক ডঃ যতীন্দ্ৰ নাথ ডেকা, বিশিষ্ট চিকিৎসক ডাঃ ৰমানন্দ পাঠক, জ্যেষ্ঠ সাংবাদিক ছাহজাহান তালুকদাৰ, জিলা পৰিৱহন বিষয়া গৌতম দাস, জিলা সমাজ কল্যান

Read More »

অসম লেখিকা সংস্থাৰ সপ্তদশ-অষ্টদশ ৰাজ্যিক দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

গুৱাহাটী : অসম লেখিকা সংস্থাৰ সপ্তদশ-অষ্টদশ ৰাজ্যিক দ্বি-বাৰ্ষিক অধিৱেশনখনি গুৱাহাটী মহানগৰীৰ চানমাৰীস্থিত পণ্ডিত তীৰ্থনাথ শৰ্মা সভাগৃহত দুদিনীয়া বিস্তীৰ্ণ কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়৷ শনিবাৰে প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি প্ৰতিনিধি আৰু বিষয় বাছনি সভাত নতুন সমিতি গঠন হয়৷ নতুন সমিতিখনৰ সভানেত্ৰী হিচাপে মৃদুলা শৰ্মা আৰু প্ৰধান সম্পাদিকা হিচাপে বিজয়া দেৱ দাস নিৰ্বাচিত হয়৷  দেওবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি অনুষ্ঠিত হয় মুকলি সভা৷ মুকলি সভাৰ পূৰ্বে সভানেত্ৰী মঞ্জুলা শৰ্মা ভট্টাচাৰ্যই পতাকা উত্তোলন কৰে৷ কেইবাগৰাকী প্ৰাক্তন সভানেত্ৰীয়ে স্মৃতি তৰ্পণ কৰাৰ পিছতেই অনুষ্ঠিত হয় মুকলি সভা৷ মুকলি সভা উদ্বোধন কৰে সত্ৰীয় সংস্কৃতিৰ বিশিষ্ট গৱেষক তথা অসম লেখিকা সংস্থাৰ প্ৰথমগৰাকী আদৰ্শ মাতৃ বঁটা প্ৰাপক ডঃ নিৰুপমা মহন্ত৷ এই অনুষ্ঠানতেই সংস্থাৰ মুখপত্ৰ সুচেতনা, তিনিমহীয়া পত্ৰিকা অৰ্ধআকাশসহ ভালেকেইখন

Read More »

দেশপ্রেন মূলক গীত পৰিৱেশন কৰি উজলি উঠিল মাফুজা ইয়াছমিন

বৰপেটাৰোড : ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশপ্রেন মূলক গীত পৰিৱেশন কৰি উজলি উছিল শিশুশিল্পী মাফুজা ইয়াছমিন৷ বৰপেটা জিলাৰ অন্তৰ্গত বাণিজ্যনগৰী বৰপেটাৰোড সমীপৰ বিলাসীপাৰা গাঁৱৰ ইদ্রীছ আলী আৰু মাছুমা হকৰ সাত বছৰীয়া কন্যা মাফুজা ইয়াছমিন৷  উল্লেখ্য যে ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৰপেটা জিলা প্ৰশাসনে দেশভক্তিমূলক গীত পৰিৱেশনৰ এক প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল৷ উক্ত প্ৰতিযোগিতাত শিশুশিল্পী মাফুজা ইয়াছিমে দ্বিতীয় স্থান দখল কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে৷ সমগ্ৰ দেশৰ লগতে বৰপেটা জিলা প্ৰশাসনেও সদৰ বৰপেটা আয়োজন কৰা ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মাফুজাক পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰে৷ মাছুমাৰ এই সফলতাত অঞ্চলবাসীৰ লগতে তেওঁৰ পৰিয়াল স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰে৷ ইপিনে মাফুজাই এই সন্মান লাভ কৰি পৰৱৰ্তী সময়ত আৰু অধিক

Read More »

আদিল হুছেইনলৈ আগবঢ়োৱা হৈছে বিশেষ সন্মান

 বাৰ্লিনৰ চলচ্চিত্ৰ সপ্তাহত আদিল হুছেইনলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান গুৱাহাটী: প্ৰখ্যাত অভিনেতা তথা অসম সন্তান আদিল হুছেইনলৈ আগবঢ়োৱা হৈছে বিশেষ সন্মান৷ বাৰ্লিনত চলি থকা ইণ্ডো-জাৰ্মান ফিল্ম উইকত ‘পৰীক্ষা’ ছবিত কৰা অভিনয়ৰ বাবে তেওঁলৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হৈছে৷ বুধবাৰে নিশা অভিনেজনে টুইটাৰযোগে সদৰী কৰে এই কথা৷ তেওঁ বাৰ্তাটোত কয়, ‘কালিনিশা বাৰ্লিনৰ ইণ্ডো-জাৰ্মান ফিল্ম উইক’ত ‘পৰীক্ষা’ ছবিৰ বুচ্চি পাছোৱান’ চৰিত্ৰত অভিনয় কৰাৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰি মই শিহৰিত হৈছোঁ৷এই স্বীকৃতিৰ বাবে ধন্যবাদ৷ মই এই বঁটা প্ৰকাশ ঝা আৰু ছবিখনৰ সৈতে জড়িত আটাইৰে সৈতে ভগাই লৈছোঁ৷’

Read More »

‘আনন্দৰাম বৰুৱা বঁটা- ২০২০’ প্ৰদান অনুষ্ঠান, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত

 গুৱাহাটী : আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত হয় ‘আনন্দৰাম বৰুৱা বঁটা ২০২০’ প্ৰদান অনুষ্ঠান৷ ২০২০ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৬ হাজাৰ ৯শ ৪৪গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীলৈ এই বঁটা প্ৰদান কৰিছে৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি শিক্ষাবিভাগৰ বহুকেইজন জ্যেষ্ঠ বিষয়া৷ ছাত্ৰ-ছাত্ৰীসকলক লেপটপ ক্ৰয়ৰ বাবে নগদ ধন প্ৰদান কৰে চৰকাৰে৷ লেপটপ ক্ৰয়ৰ বাবে চৰকাৰে অনুমোদন দিছে ৩৪ কোটি টকা৷ ইপিনে উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰীয়ে স্কুটী লাভ কৰিব বুলি জানিবলৈ দিয়ে৷ ড০ বাণীকান্ত কাকতি বঁটাৰ জৰিয়তে নৱেম্বৰত শিক্ষাৰ্থীয়ে লাভ কৰিব স্কুটী৷

Read More »

সাংবাদিক চাইজুৰ ৰহমানলৈ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান মিল্লত টাইমছৰ সন্মান। বিভিন্ন জনৰ শুভেচ্ছা

গুৱাহাটী : দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান ‘মিল্লত টাইমছ’-এ প্ৰতিভাবান যুৱ সাংবাদিক চাইজুৰ ৰহমানলৈ আগবঢ়াইছে “চাৰ্টিফিকেট অফ এপ্ৰিচিয়েচন” সন্মান। ক’ৰোনাৰ ভয়াৱহতা তথা ল’কডাউনৰ সময়চোৱাত সাহস আৰু নিষ্ঠাৰে সংবাদ সেৱা আগবঢ়াই অহাৰ লগতে দৰিদ্ৰ একাংশ লোকক সহায়ৰ হাত আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানটোৱে সাংবাদিক গৰাকীলৈ আগবঢ়াইছে উক্ত ৰাষ্ট্ৰীয় বঁটা। হিন্দী, ইংৰাজী আৰু উৰ্দু-তিনিটা ভাষাত সংবাদ সেৱা আগবঢ়োৱা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ‘মিল্লত টাইমছ’ দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান সমূহৰ অন্যতম। দেশৰ সংবাদ ক্ষেত্ৰখনত সুদীৰ্ঘ বছৰ ধৰি সততা, নিষ্ঠা, সক্ৰিয়তাৰে জড়িত হৈ বিভিন্ন ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা মিল্লত টাইমছৰ দৰে ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে আগবঢ়োৱা ‘চাৰ্টিফিকেট অফ এপ্ৰিচিয়েচন’ বঁটা লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে যুৱ সাংবাদিক চাইজুৰ ৰহমান।  উল্লেখযোগ্য যে বিগত দহ বছৰোধিক

Read More »

শিল্পী গোপীকান্ত সিনহা আৰু অপূর্ব বেজবৰুৱালৈ ২০২০ বর্ষৰ শিল্পী বঁটা

গুৱাহাটী : বিশিষ্ট সংগীত শিল্পী ক্রমে গোপীকান্ত সিন৲হা আৰু অপূর্ব বেজবৰুৱাক ২০২০ বর্ষৰ শিল্পী বঁটাৰ বাবে মনোনীত কৰা হৈছে৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে অহা ১৭ জানুৱাৰীত গুৱাহাটীৰ জ্যোতি চিত্রবনত কেন্দ্রীয়ভাৱে আয়োজন কৰা শিল্পী দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দুয়োগৰাকী শিল্পীক এই বঁটাৰে সন্মানিত কৰিব৷ অনুষ্ঠানত সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলে, মুখ্যমন্ত্রীৰ প্রেছ উপদেষ্টা হূষীকেশ গোস্বামীসহ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব৷ অসম চৰকাৰে ১৯৯৯ চনৰ পৰা প্রদান কৰি অহা এই বঁটাত আছে নগদ দুই লাখ টকাৰ লগতে এখন প্রশস্তি পত্র আৰু এখন অংগবস্ত্র৷ উল্লেখযোগ্য যে ১৯৩২ চনৰ দুই জুনত জন্মগ্রহণ কৰা গোপীকান্ত সিন৲হাই লক্ষ্নৌৰ ভাতখাণ্ডে সংগীত বিদ্যাপীঠৰ অধীনত ১৯৭৭ চনত শাস্ত্রীয় সংগীতৰ বিশাৰদৰ সন্মান লাভ কৰে৷ ১৯৫৮ চনৰ পৰাই সংগীত

Read More »