Barpeta Satra | বৰপেটা সত্ৰই ঘোষণা কৰি অহা বৰ্ষফল কিমান শুদ্ধ?
আপুনি ভৱিষ্যত বাণী কিমান বিশ্বাস কৰে? কিমান শুদ্ধ হয় পঞ্জিকাত উল্লেখ কৰা ভৱিষ্যত বাণী, নাইবা, বৰপেটা সত্ৰই ঘোষণা কৰি অহা বৰ্ষফল ? হয়, প্ৰতি বছৰৰ দৰে এইবেলিও সত্ৰনগৰী বৰপেটাত সত্ৰীয়া ৰীতি–পৰম্পৰাৰে পালন কৰা ব’হাগৰ দোমাহীৰ বৰ দোমাহী উপলক্ষে সত্ৰীয়া পৰম্পৰা অনুসৰি বৰ্ষফল গণনা বা বিহু গণনা কৰা হয়৷ বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱশৰ্মা দলৈয়ে প্ৰথমতে সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত গুৰু আসনৰ পিচফালে সত্ৰীয়া প্ৰমুখ্যে ভকতৰ সন্মুখত বছৰটোৰ শুভাশুভ বিচাৰ কৰে৷ তাৰ পিছতে দৈৱজ্ঞই সত্ৰলৈ অহা ভক্ত বৈষ্ণৱৰ সন্মুখত মঠৰ চোতালত বৰ্ষফল গণনা পাঠ কৰে৷ ইয়াৰ পিচতে দৈৱজ্ঞই আই সকলৰ কাঠিত বৰ্ষফল গণনা পাঠ কৰে৷ বৰপেটা সত্ৰত দৈৱজ্ঞই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৰ্ষফল গণনা কৰে৷ ২০২১ চনৰ ১০ মে’ত ১২